অন্ত পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০১৯-২০ ৰ পৰ্যটন বৰ্ষ। কিমান ৰাজহ সংগ্ৰহ কৰিলে কৰ্তৃপক্ষই

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৭ এপ্ৰিল : মহামাৰী কৰ’ণাৰ আতংকৰ মাজতে অন্ত পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০১৯-২০ ৰ পৰ্যটন বৰ্ষ। পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই আশা কৰা মতে ৭ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ বিপৰীতে প্ৰথমে কা বিৰোধী আন্দোলন আৰু পৰবৰ্তী সময়ত কৰ’ণাৰ বাবে ৪.৭৫ কোটি টকাৰ ৰাজহ সংগ্ৰহতেই থমকি ৰ’ব লগীয়া হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ৰাষ্ট্ৰীয় উদ্যান খনত চলি অহা নিয়ম অনুসৰি সাধাৰণতে বাৰিষাৰ আগমনৰ বাবে প্ৰতিবছৰে ৩০ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যানখনৰ হাতী ছাফাৰী বন্ধ কৰি দিয়াৰ লগতে জীপ ছাফাৰী মে’ মাহ পৰ্যন্তলৈকে চলি থাকে ৷ কিন্তু সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বক আতংকিত কৰি তোলা কৰ’ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্চ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাময়িক ভাৱে পৰ্যটকৰ বাবে বন্ধ কৰি দিয়াৰ বাবে এপ্ৰিল, মে’ মাহত ৰাজহ শূন্য হৈ পৰে ৷ ক্ৰমান্বয়ে বৃদ্ধি পোৱা কৰ’ণাৰ ভয়াবহতাই আৰু অধিক ক্ষীপ্ৰতাৰে সমগ্ৰ বিশ্বক ছানি ধৰাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চলিত পৰ্যটন বৰ্ষত পৰ্যটকৰ বাবে স্থায়ীভাৱে বন্ধ কৰি দিয়াৰ কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে প্ৰকাশ কৰা মতে চলিত পৰ্যটন বৰ্ষত অক্টোবৰৰ পৰা ডিচেম্বৰ মাহ পৰ্যন্ত দেশী বিদেশী পৰ্যটকৰ সমাগম আন কেইবছৰৰ তুলনাত যথেষ্ট বেছি আছিল ৷গতিকে পৰ্যটকৰ সংখ্যাই এই বৰ্ষত প্ৰায় দুইলাখৰ ঘৰ অতিক্ৰম কৰাৰ ধাৰণা কৰা হৈছিল যদিও সাম্প্ৰতিক সময়ৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে কাজিৰঙা দৰ্শন কৰা পৰ্যটকৰ শেহতীয়া সংখ্যা হ’লগৈ ১.৬৫ লাখ। অৱশ্যে পৰিস্থিতি স্বাভাৱিক থকা অৱস্থাতে পৰ্যাপ্ত সংখ্যক পৰ্যটকৰ আগমন হোৱাত সংগ্ৰহ হোৱা ৰাজহ পৰিমাণ ২০১৮-১৯ পৰ্যটন বৰ্ষৰ তুলনাত ৭ লাখ টকাৰ ৰাজহহে কম হয় ৷ আনহাতে ২০২০-২১ বিত্তীয় বৰ্ষৰ আৰম্ভণিতে এপ্ৰিল মাহ শূন্য ৰাজহেৰে আৰম্ভ হোৱাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খনত কৰ্মৰত অস্থায়ী বনকৰ্মী সকলৰ দৰমহা দিয়াৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ’ব বুলি মত প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক গৰাকীয়ে ৷কাৰণ সংগ্ৰহ হোৱা ৰাজহৰ অধিক সংখ্যক অস্থায়ী কৰ্মচাৰী সকলৰ দৰমহাৰ শিতানত খৰচ কৰা হয় ৷ গতিকে ২০২০-২১ চনটো এক প্ৰত্যাহ্বান হিচাবে লৈ এই ক্ষেত্ৰত নতুন পৰিকল্পনা গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *