বোকাখাত নুমলীগড়ত সংঘটিত জঘন্য কাণ্ড। স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ এপ্ৰিল : বোকাখাত থানাৰ অন্তৰ্গত নুমলীগড়ৰ ৰৌদুৱাৰ গাঁৱত কালি দিনৰ এঘাৰমান বজাত লোহিত কছাৰী নামৰ এজন লোকে নিজ পত্নী ৰীচা মেচ(২৫)ক ঘৰৰ ভিতৰতে দায়ে ঘপিয়াই হত্যা কৰে। কি কাৰণত এই ঘটনাৰ সূত্ৰপাত হল জানিব পৰা হোৱা নাই। লোহিতৰ ভনীয়েককো হত্যা কৰিবলৈ চেষ্টা চলাইছিল যদিও কথমপি ৰক্ষা পৰে। ৰীচাৰ দেহত বেয়াকৈ আঘাত কৰাৰ লগতে প্ৰায় এঘন্টা ধৰি সন্ত্ৰাস চলায়। প্ৰায় এঘন্টাৰ পাছতহে হত্যাকাৰী লোহিতক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। এই ঘটনাই নুমলীগড়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। লোহিত দুবছৰ মানৰ আগতে বিবাহ পাশত আৱদ্ধ হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *