কাজিৰঙা লাইভৰ মূখ্য সম্পাদকলৈ ভাৰতীয় মজদুৰ সংঘ আৰু আটছাৰ সন্মান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ এপ্ৰিলঃ বোকাখাতৰ জেষ্ঠ সাংবাদিক, কাজিৰঙা লাইভৰ মূখ্য সম্পাদক, দৈনিক অগ্ৰদূত কাকতৰ প্ৰতিবেদক, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি তথা আপকু গোলাঘাট জিলা সমিতিৰ উপদেষ্টা ভবানন্দ কলিতাক আজি নিজ বাসগৃহত ভাৰতীয় মজদুৰ সংঘ বোকাখাত শাখা, অসম চাহ জনজাতি ছাত্র সন্থাৰ গোলাঘাট জিলা সমিতিয়ে লগডাউন চলি থকা মাজতে দীৰ্ঘদিন ধৰি সংবাদ সেৱাৰ যোগেদি সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত আগবঢ়াই অহা অৰিহণাৰ বাবে সম্বৰ্ধনা জনায়। গোলাঘাট জিলা আটছাৰ সম্পাদক সুশীল কালিন্দী, বি চি এম এচৰ বীৰু কুমাৰ ছেত্রী, মনোজ কৰ্মকাৰকে ধৰি কেইবাগৰাকী প্ৰতিনিধি উপস্থিতিত এই সন্মান জনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *