কলিয়াবৰত সূলভ মূল্যত থলুৱা মাছ বিক্ৰী কেন্দ্ৰ মুকলি কৰিলে প্ৰশাসনে।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ লক্ ডাউন অব্যাহত থকাৰ সময়তে কলিয়াবৰ মহকুমা প্ৰশাসনৰ ব্যৱস্থাপনাত কুঁৱৰীটোল, হাটবৰ আৰু জখলাবন্ধা অঞ্চলত আজিৰে পৰা চৰকাৰী নিৰ্ধাৰিত মূল্যত উপলব্ধ হ’ল থলুৱা মাছ। মহকুমাধিপতি বিতোপন নেওগৰ আহ্বানৰ প্ৰতি সহাৰি জনাই হাতীয়েখোৱা নিৱাসী মৎস্যপালক নৰেন শৰ্মাই নিজৰ ২৭ বিঘা মাটিৰ তিনিটাকৈ পুখুৰীৰ মাছ ধৰি আজি পুৱাৰে পৰা জনসাধাৰণক নিৰ্ধাৰিত মূলত যোগান ধৰা হয় চিতল,ৰৌ,বৰালি,বাহুকে ধৰি বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ। ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা লক্ ডাউনৰ পৰিপেক্ষিতত সমগ্ৰ দেশৰ লগতে কলিয়াবৰবাসীও গৃহাবদ্ধ জীৱন অতিবাহিত কৰি আছে। সমান্তৰালভাৱে বন্ধ হৈ আছে হাট-বজাৰ সমূহ। এনে পৰিপেক্ষিতত গৃহাবদ্ধ জনতাই তৃপ্তিৰে এসাজ খাব পৰাকৈ মহকুমা প্ৰশাসনৰ উদ্যোগত ৰৌ, মিৰিকা মাছ ১ কিলোগ্ৰাম ওজনৰ প্ৰতি কিলোগ্ৰামত ২০০ টকা, ১ কিলোগ্ৰামৰ ওপৰৰ প্ৰতি কিলোগ্ৰামত ২৫০ টকা, বাহু মাছ ১ কিলোগ্ৰাম ওজনৰ প্ৰতি কিলোগ্ৰামত ২০০ টকা, ১ কিলোগ্ৰামৰ ওপৰৰ প্ৰতি কিলোগ্ৰামত ৩০০ টকা, বৰালি মাছ ১ৰ পৰা ২ কিলোগ্ৰাম পৰ্যন্ত প্ৰতি কিলোগ্ৰামত ২৫০ টকা, ২ কিলোগ্ৰামৰ ওপৰৰ প্ৰতি কিলোগ্ৰামত ৩৫০ টকা, চিতল মাছ ১ৰ পৰা ২ কিলোগ্ৰাম পৰ্যন্ত প্ৰতি কিলোগ্ৰামত ৩০০ টকা আৰু ২ কিলোগ্ৰাম ওপৰৰ প্ৰতি কিলোগ্ৰাম চিতল মাছ ৪০০ টকা, কাৰ্প (চিলভাৰ,কমন, গ্ৰাচ)১ কিলোগ্ৰাম ওজনৰ প্ৰতি কিলোগ্ৰামত ১৫০ টকা আৰু ১ কিলোগ্ৰাম ওজনৰ ওপৰৰ প্ৰতি কিলোগ্ৰামত ২০০ টকা চৰকাৰী নিৰিখ ধায্য কৰি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। অন্যহাতেদি গ্ৰাহকৰ বাবে উপলব্ধ হ’ব পৰাকৈ পুখুৰীত মাছ ধৰা প্ৰক্ৰিয়া তদাৰকী কৰিছে স্বয়ং মহকুমাধিপতি গৰাকীয়ে। এই ব্যৱস্থা সফল হ’লে মহকুমাৰ অন্যান্য অঞ্চলত এনেধৰণৰ বিক্ৰী কেন্দ্ৰ মুকলি কৰা হ’ব বুলি জানিব দিয়ে মহকুমাধিপতি বিতোপন নেওগে।

Leave a Reply

Your email address will not be published. Required fields are marked *