দৰিদ্ৰতাই আঁকুহি পেলোৱা কলিয়াবৰ কুঠৰীৰ এটা পৰিয়াল

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ এপ্ৰিল: অলপতে ৰাজ্যজুৰি পাৰ হৈ গ’ল প্ৰচণ্ড ধুমুহা-বতাহ । ধুমুহাৰ প্ৰকোপত হেৰুৱালে সহস্ৰাধিকে হেৰুৱালে বাসগৃহ ৷ বহুলোকৰ বাসগৃহ ক্ষতিগ্ৰস্ত হ’ল ৷ প্ৰায় এঘন্টাযোৰা ধুমুহাৰ তাণ্ডৱত ত্ৰাহি মধুসূদন সোঁৱৰিলে ৰাজ্যৰ জনগণে ৷ এনে সময়তে ভগা চালিৰ তলত বিচনাৰ তলত সোমাই প্ৰাণ ৰক্ষা কৰিছিল ৪ টাকৈ এমা-ডিমা লৈ এহাল স্বামী-স্ত্ৰী ৷ এই ঘটনা মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিৰ কুঠৰীৰ ৷ কুঠৰীৰ ন-বস্তি অঞ্চলৰ এয়া বিষ্ণু মুণ্ডা আৰু তেওঁৰ পত্নী ৷ সতি-সন্ততি ৪ টি ৷ সংসাৰ বাক্যত সুখৰ হ’লেও দৰিদ্ৰতাই ভয়ানক ভাৱে আঁকুহি পেলোৱা পৰিয়ালটিৰ বাসগৃহ দেখিলে আপোনাৰ দুচকুৰেও নিগৰিব জলাধাৰ ৷ পানী সৰকা টিঙৰ চালিৰ তলেই বিষ্ণুৰ পৰিয়ালটিৰ ঘৰ ৷ চালিৰ তলতে বিচনা, জুহাল, চৰু-বাচন ৷ বতাহ-বৰষুণ দিলে বিচনাৰ তলেই আশ্ৰয় বিষ্ণু আৰু সন্তানকেইটাৰ ৷ বিষ্ণুৰ জীৱিকা দিন-হাজিৰা, পত্নী চাহ বাগিছাৰ অস্থায়ী কৰ্মী ৷ কাম থাকিলে খোৱাৰ যোগাৰ হয় নহ’লে অনাহাৰেও থাকিব লগা হয় পৰিয়ালটি ৷ পিতৃগৃহৰ পৰা কেতিয়াবাই আঁতৰি অহা বিষ্ণুৰ পৰিয়ালটিক পৰিয়ালৰ আন কোনোৱে আগবঢ়োৱা নাই সহায়ৰ হাত ৷ আনকি কাষতে বসবাস কৰা খুৰাকৰ গৃহত বতাহ-বৰষুণৰ সময়তো বিষ্ণুৰ ল’ৰা-ছোৱালী কেইটাকো আশ্ৰয় দিবলৈ দ্বিধাবোধ কৰে ৷ এনেক্ষেত্ৰত অসহায় বিষ্ণুৱে ল’ক ডাউনৰ পৰিস্থিতিত হাঁহাকাৰ কৰিছে ৷ পঞ্চায়তৰ তৰফৰ পৰাও কোনো ধৰণৰ সাহাৰ্য নোপোৱা বিষ্ণুৰ নাজল-নাথল অৱস্থাৰ বুজ কোনে ল’ব ৷ আনহাতে, কুঠৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিয়ে এই ক্ষেত্ৰত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *