বোকাখাত মিলনপুৰত অগ্নিকাণ্ড

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ এপ্ৰিলঃ বোকাখাত থানাৰ অধীনৰ বোকাখাত নগৰৰ মিলনপুৰত আজি পুৱা এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। মথুৰা জয়চোৱাল নামৰ লোকজনৰ গৃহত চৰ্ট চাৰ্কিট ফলত হোৱা অগ্নি কাণ্ডত প্ৰায় ৪ লাখ টকাৰ সম্পত্তি জাহ যায়। বোকাখাত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে। লোকজনৰ গৃহ সংলগ্ন সুলভ মূল্যৰ দোকান খনৰ সামগ্ৰীও জুইত জাহ যায়।