আৰ্তজনৰ কাষত হৃদয়বান,কল্যাণী আত্মসহায়ক গোটৰ খাদ্য সামগ্ৰী বিতৰণ

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ, ২১ এপ্ৰিল : ৰাজ্যত অব্যাহত দ্বিতীয় পৰ্যায়ৰ লকডাউন ৷ লকডাউনৰ সৰ্বাত্মক প্ৰভাৱত স্তব্ধ জনজীৱন ,গৃহবন্দী জনগণ ৷এনে সময়ত দেশৰ প্ৰধানমন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে দৰিদ্ৰ লোকসকলক সামৰ্থ অনুযায়ী সহায় কৰিবলৈ আহ্বান জনাইছে ৷ এই আহ্বানৰ প্ৰতি সহাৰি জনাই দৰিদ্ৰজনলৈ সহায়ৰ হাত আগবঢ়াইছে বহুজনে ৷ এনে সময়তে প্ৰধানমন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ আহ্বানক সহাৰি জনাইছে কাজিৰঙাৰ কল্যাণী আত্মসহায়ক গোটে ৷ গোটটোৰ দহগৰাকী মহিলাই নিজা প্ৰচেষ্টাত কাজিৰঙাৰ সমীপৰ দিন হাজিৰা কৰা প্ৰায় ত্ৰিশ টা পৰিয়ালৰ মাজত বিতৰণ কৰে অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা ৷ তদুপৰি মাৰাত্মক ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ পৰা আতৰি থাকিবলৈ নিজৰ নিজৰ ঘৰতে থকাৰ উপদেশ কল্যাণী আত্মসহায়ক গোটৰ ৷ ইয়াৰোপৰি জৰুৰী কামত বাহিৰলৈ উলাই গলে মুখত মাক্স বা বাহিৰৰ পৰা আহি ভালদৰে হাত ধুবৰ বাবেও আহ্বান জনাইছে গোটটোৰ সদস্যসকলে ৷ আৰ্তজনৰ কাষত থিয় হোৱা কল্যাণী আত্মসহায়ক গোটৰ এনে প্ৰচেষ্টাক কাজিৰঙাৰ প্ৰতিজন সচেতন ব্যক্তিয়ে শলাগ লৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *