কাজিৰঙাত উদ্ধাৰ মাতৃৰ পৰা বিচ্ছিন্ন গঁড় পোৱালি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২১ এপ্ৰিল:
কাজিৰঙাত উদ্ধাৰ মাতৃৰ পৰা বিচ্ছিন্ন এটি কনমাণি গঁড় পোৱালি ৷ শেহতীয়াকৈ ৰাজ্যত ল’ক ডাউনৰ বাবে যান-বাহনৰ চলাচল সীমিত হৈ পৰাত কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বিৰাজ কৰিছে নিৰ্জনতাই ৷ যাৰবাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু বন্যপ্ৰাণীয়ে ঘন জংঘলৰ পৰা ওলাই আহি বিচৰণ কৰিছে ৰাষ্ট্ৰীয় পথৰ কাষত । এনে দৰে বিচৰণ কৰি থকা বন্যপ্ৰাণীৰ মাজতে বাগৰি বনাঞ্চলৰ বান্দৰডুবি এলেকাত কৰ্তব্যৰ বনকৰ্মীয়ে প্ৰত্যক্ষ কৰে এটা এমহীয়া অকলশৰীয়া গঁড় পোৱালি ৷ তৎক্ষণাত কাষৰীয় এলেকাত বনকৰ্মীয়ে বিচাৰ-খোচাৰ কৰি পোৱালিটোৰ মাক জনীৰ অস্তিত্ব নোপোৱাত উৰ্ধতন কৰ্তৃপক্ষক অৱগত বিষয়টো অৱগত কৰে ৷ ইয়াৰ পাছত বনবিভাগৰ বিবেচনা অনুসৰি পোৱালিটোক বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ মাকৰ পৰা বিচ্ছিন্ন হৈ যথেষ্ট চাপত থকা পোৱালিটো সম্প্ৰতি চিকিৎসকে চোৱাচিতা কৰি আছে ৷ আনহাতে মাকজনীৰ সন্ধান চলাই আছে বনকৰ্মীয়ে ৷ চিকিৎসকৰ মতে সোনকালে মাকজনীৰ সন্ধান ওলালে পোৱালিটো মাকৰ ওচৰত এৰি দিয়া হ’ব ৷ অন্যথা পোৱালিটোক বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰতে চোৱাচিতাৰ ব্যৱস্থা কৰা হ’ব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *