কাজিৰঙাত আহত হাতীৰ চিকিৎসা আৰম্ভ কৰিছে বনবিভাগে

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ এপ্ৰিল: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গোঁসানীবৰৰ এলেকাত বিচৰণ কৰা আঘাত প্ৰাপ্ত বন্যহস্তীটোৰ চিকিৎসা আৰম্ভ কৰিছে বনবিভাগৰ পশু চিকিৎসকৰ দলে ৷ কালি ‘কাজিৰঙা লাইভ’ত হাতীটোৰ অসুস্থতাৰ বিষয়ে প্ৰকাশ পোৱাৰ পিছতে আজি তৎকালীন ভাৱে চিকিৎসা প্ৰদান কৰা হৈছে হাতীটোক ৷ জানিব পৰা ম’তে, হাতীটোৰ ভৰিত বাহ্যিক কোনো আঘাতৰ লক্ষণ পৰিলক্ষিত হোৱা নাই ৷ আভ্যন্তৰীণ এক সৰু হাড় অথবা পেশীৰ আঘাতৰ বাবেহে হাতীটোৱে খোজ কাঢ়িব পৰা নাই ৷ ইতিমধ্যে তাৰ চিকিৎসা আগবঢ়াইছে চিকিৎসকে ৷ অন্য হাতীৰ স’তে হোৱা পাৰস্পৰিক যুঁজত হাতীটো আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ কৰিছে চিকিৎসকে ৷ উল্লেখ্য, আহাত বন্যহস্তীটো কিছুদিন ধৰি কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ কাষৰীয়া এলেকা গোঁসানীবৰত বিচৰণ কৰি আছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *