কাজিৰঙাত আঘাত প্ৰাপ্ত বন্যহস্তীৰ মৃত্যুৰে যুঁজ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ এপ্ৰিল: এমাহৰো অধিক কাল শৰীৰত গভীৰ বেদনা লৈ জীৱন মৃত্যুৰে যুঁজিব লগীয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বন্যহস্তীয়ে । খাদ্যৰ সন্ধানত দুই-তিনিদিনৰ পূৰ্বে দাঁতি কাষৰীয়া কৃষি ভূমিলৈ ওলাই আহে হাতীটো । অঞ্চলটোত কিছুদিন বিচৰণ কৰা বন্যহস্তীটোৰ আগভাগৰ এটা ভৰি হঠাতে অকামিলা হৈ পৰা পৰিলক্ষিত হয় । কোনো আঘাত বা ৰোগৰ বাবে আগ ভৰিত এটুকুৰা ঘাঁ হৈ ক্ৰমে গেলি-পচি অৱৰ্ননীয় হৈ পৰিছে ভৰিখন ৷ সম্প্ৰতি স্বাভাৱিক ভাৱে চলাচল কৰিবলৈ অক্ষম হাতীটোৱে খাদ্যৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ হাতীৰ জাক এৰি অকলশৰে থিতাপি লৈছে ৰাষ্ট্ৰীয় উদ্যান খন কহঁৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলত ৷ নিশা হ’লে খাদ্যৰ বাবে প্ৰৱেশ কৰে কাষৰীয় গোঁসানীবৰ এলেকাৰ কৃষিভূমিত । ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহোতে হাতীটোৱে অতিক্ৰম কৰিব লগীয়া হয় এখন বিল ৷ এখন ভৰি সম্পূৰ্ণ ৰূপে অকামিলা হৈ পৰা হাতীটোৱে স্বাভাৱিক ভাৱে বিলখন অতিক্ৰম কৰিবলৈ অপাৰগ । এনে অৱস্থাত হাতীটোৱে বিলখনত নমাৰ কষ্টকৰ দৃশ্য দেখিলে প্ৰকৃতিক ভালপোৱা যিকোনো লোকৰে মন সেমেকি উঠা স্বাভাৱিক ৷ কাৰণ হাতীটোৱে পাছলৈ খোজ দিহে কোনোমতে নামিব পাৰে পানীত ৷ সন্দেহ কৰা মতে শৰীৰৰ বেদনা উপশম কৰিবলৈ অধিক সময় পানীতে পাৰ কৰিব লগীয়া হৈছে দুৰ্ভগীয়া হাতীটোৱে ৷ আনহাতে স্থানীয় লোকৰ অভিযোগ মতে হাতীটোৱে কৃষি ভূমিৰ শস্যৰ যথেষ্ট অনিষ্ট কৰিছে ৷ বনবিভাগক খবৰ দিলেও কোনো গুৰুত্ব প্ৰদান নকৰে ৷ শস্য খাবলৈ অহা হাতীটোক স্থানীয় লোকে খেদাৰ চেষ্টা কৰিলেও ওলোটাই চোঁচা মাৰিহে আহে ৷ এই ক্ষেত্ৰত কিন্তু নিৰ্বিকাৰ বন বিভাগ ৷ স্থানীয় লোকে খবৰ দিয়াৰ পাছতো হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা বনবিভাগে লোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *