কাজিৰঙাত গাওঁৰক্ষী বাহিনীৰ সভাপতিৰ ঘৰত উদ্ধাৰ চুৰি হোৱা ৰদ

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ, ১৯ এপ্ৰিল: লকডাউনৰ মাজতে কাজিৰঙাৰ চোৰৰ উপদ্ৰৱ ৷ এইবাৰ চোৰৰ ৰূপত গাওঁৰক্ষী বাহিনীৰ সভাপতি ৷ কাজিৰঙাৰ লক্ষিপুৰ আদৰ্শ গাওঁত নিৰ্মাণ কৰি থকা অতিথিশালাৰ পৰা ৰদ চুৰি কৰি ধৰা পৰিল বাবু চাওতাল নামৰ এজন যুৱক ৷ উল্লেখ্য যে নিৰ্মিয়মান অতিথিশালাত কৰ্মৰত এজন কৰ্মচাৰীয়ে প্ৰায় সত্তৰ কেজি ৰদ চুৰ কৰি মজুত কৰে লক্ষিপুৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি দুৰ্লভ বৰাৰ ঘৰত ৷ ইয়াৰ পাছতে ৰক্ষকেই ভক্ষক স্বৰূপ দুৰ্লভ বৰাৰ ঘৰ ঘেৰাও কৰি স্থানীয় ৰাইজৰ লগতে অতিথিশালাৰ কৰ্তৃপক্ষই উদ্ধাৰ কৰে চুৰি হোৱা ৰদখিনি ৷ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত গাওঁৰক্ষী বাহিনীৰ সভাপতিজনৰ চুৰৰ লগত জড়িত থকা কাণ্ডক সকলোৱে গৰিহণা দিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *