মাৰাত্মক কভিড-১৯ ৰোগীৰ চিকিৎসাৰ্থে গোলাঘাট জিলালৈ অ এন জি চিৰ ২৯.৭২ লাখ টকাৰ অৰ্থ সাহাৰ্য

পৱন কামান, কাজিৰঙা লাইভ, কমাৰগাঁও, ১৮ এপ্ৰিল: অ’ এন জি চি যোৰহাটৰ সামাজিক দায়বদ্ধতা বিভাগে মাৰাত্মক কভিড-১৯ ৰোগীৰ চিকিৎসাৰ্থে গোলাঘাট জিলালৈ ২৯.৭২
টকাৰ অৰ্থ সাহাৰ্য আগবঢ়ায় । জানিব পৰা মতে ইয়াৰে কভিড-১৯ৰ ৰোগীৰ চিকিৎসাৰ্থে ডেটল, চাবোন, কম্বল, কাপোৰ, চেনিটাইজাৰ, মাস্ক আদি সামগ্ৰীৰ কাৰণে ৯.৮৬ লাখ টকা, বিছনা, গাৰু, বিছনা চাদৰ, আঁঠুৱা আদি সামগ্ৰীৰ কাৰণে ৯.৮৯ লাখ টকা আৰু জিলাখনৰ ধনশিৰি মহকুমাৰ ৮,১০০ পৰিয়ালক ২,২২৫ টা বিভিন্ন সামগ্ৰীৰ বিতৰণৰ কাৰণে ৯.৯৭ লাখ টকা অৰ্থাৎ মুঠ ২৯.৭২ লাখ টকা জিলা উপায়ুক্তৰ একাউন্টত ইলেকট্ৰনিক পদ্ধতিৰে প্ৰদান কৰা প্ৰমাণ পত্ৰ কালি জিলা উপায়ুক্ত বি চি মোডীৰ হাতত অৰ্পণ কৰে। অৰ্থ সাহাৰ্য প্ৰদান অনুষ্ঠানত যোৰহাট অ’ এন জি চিৰ বেছিন মেনেজাৰ পুনিত শ্বুৰী যোৰহাট অ’ এন জি চিৰ উচ্চ পদস্থ বিষয়া ক্ৰমে জি কে গোখলে, সতীশ কুলি, পৱন বৰগোহাঁই, যোৰহাট অ’ এন জি চিৰ অনুসূচীত জাতি আৰু জনজাতি উন্নয়ন সমিতিৰ অধ্যক্ষ সুভাষ পায়েং উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *