অৱশেষত দৰিদ্ৰৰ চাউল আত্মসাৎৰ দুই অভিযুক্ত আৰক্ষীৰ জালত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৮ এপ্ৰিল: অৱশেষত গ্ৰেপ্তাৰ হ’ল চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল আত্মসাৎ কৰাৰ অভিযোগত অভিযুক্ত কাজিৰঙা সমবায় সমিতিৰ সম্পাদক বুবুল দলৈ আৰু গোদাম ৰক্ষক পলাশ গগৈ। উল্লেখযোগ্য যে চৰকাৰে কৰ’না মহামাৰীৰ বাবে ল’ক ডাউনৰ সময়ত দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া চাউল বিতৰণৰ বাবে যোগান ধৰা ৮৬০ কুইন্টল চাউল হৰলুকি কৰা অভিযোগ উত্থাপন হয় কাজিৰঙা সমবায় সমিতিৰ সম্পাদক বুবুল দলৈ আৰু গোদাম ৰক্ষক পলাশ গগৈৰ বিৰুদ্ধে ৷ বোকাখাত মহকুমা আৰক্ষী বিষয়া পৃথ্বিৰাজ ৰাজখোৱাই জানিবলৈ দিয়া মতে, অভিযোগৰ ভিত্তিত তদন্ত কৰি অসামৰিক যোগান বিভাগে অভিযুক্ত দুজনৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। কিন্তু ইয়াৰ পাছতে যোৱা ৬ এপ্ৰিল তাৰিখে আত্মগোপন কৰে অভিযুক্ত দুজনে ৷ দুয়োজনকে বিচাৰি আৰক্ষীয়ে বিভিন্ন স্থানত তালাচী চলোৱাৰ পাছত শুকুৰবাৰে বোকাখাত থানাত আত্মসমৰ্পণ কৰে পলাশ গগৈয়ে আনহাতে সম্পাদক বুবুল দলৈক দেৰগাঁৱৰ পৰা আটক কৰে আৰক্ষীয়ে। ইতিমধ্যে দুয়োজনৰ বিৰুদ্ধে বোকাখাত আৰক্ষীয়ে বোকাখাত থানৰ 113/2020 গোচৰত আই পি চি 409/420/, লগতে 7 ECS ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা দুয়োজনকে দণ্ডাধীশৰ ওচৰত হাজিৰ কৰি পৰৱৰ্তী তদন্তৰ বাবে পাঁচ দিনৰ জিম্মাত বিচাৰি আবেদন জনাইছে আৰক্ষীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *