কহঁৰা আৰক্ষীৰ জালত চোৰাং চিকাৰী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ এপ্ৰিল: লক’ডাউনৰ মাজতে কহঁৰা আৰক্ষীৰ সাফল্য। আটক কৰিলে চোৰাং চিকাৰী। কহঁৰা আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া দেৱেন বৰাৰ নেতৃত্বত বিশ্বনাথ চাৰিআলিৰ বিহালিৰ পৰা আটক কৰা হ’ল ক্ৰমে ৰমেন দাস আৰু প্ৰাঞ্জল শইকীয়া নামৰ দুধৰ্ষ চোৰাং চিকাৰী কেইটা। বৃহস্পতিবাৰে কহঁৰা আৰক্ষীয়ে বিহালি আৰক্ষীৰ সহযোগত বিহালিৰ নিজ গৃহৰ পৰা আটক কৰা চিকাৰী কেইটা জড়িত আছিল বিগত বৰ্ষৰ ৩১ মাৰ্চ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ দুসুঁতি বনশিবিৰ এলেকাত সংঘটিত হোৱা গঁড় হত্যাত। ধৃত ৰমেন দাস আৰু প্ৰাঞ্জল শইকীয়াই ২৫ হাজাৰ টকাৰ বাবদ গঁড় হত্যাৰ লগত জড়িত আন কেইবাজনক নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱাত সহায় কৰাৰ কথা স্বীকাৰ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *