পৰুৱা টোপে প্ৰাণ কাঢ়িলে কাজিৰঙাৰ বিতু হাজৰীকাৰ। কাজিৰঙাত শোকৰ ছাঁ

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ,১৬ এপ্ৰিল: পৰুৱা টোপেই কাল হল কাজিৰঙাৰ বিতু হাজৰীকাৰ ৷ কাজিৰঙাৰ বচাগাওঁ (আই বিৰ সমীপৰ) নিবাসী বিতু হাজৰীকাই পুৱাতেই কাজিৰঙাস্থিত মহামায়া শ্ৰী শ্ৰী কাকগোসানী থানৰ ওচৰৰ এজোপা গছত ওলমি থকা পৰুৱা টোপ পাৰিবলৈ গছত উঠে ৷ বুধবাৰে দিয়া বৰষুণৰ ফলত গছজোপা কিছু পিছল হৈ থকাৰ উপৰি ডালটোৰ সৈতে মানুহজন তলত পৰে ৷ ইয়াৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত সংকটজনক অৱস্থাত কহঁৰাৰ শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়লৈ লৈ যায় ৷ আঘাত ইমানেই গুৰুত্বৰ আছিল যে কহঁৰা আদৰ্শ চিকিৎসালয়ৰ পৰা যোৰহাট চিকিৎসালয়লৈ নি থকা অৱস্থাতে মৃত্যু হয় বিতু হাজৰীকাৰ ৷ বোকাখাত অসামাৰিক চিকিৎসালয়ত মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে ৷ মৃতদেহটো ঘৰলৈ অনা হয় যদিও কহঁৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ইফালে বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত ব্যক্তিজনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত প্ৰয়াত বিতু হাজৰীকাই তেখেতৰ পৃতি-মাতৃ, পত্নী,এগৰাকী ১০ বছৰীয়া জীয়ৰী আৰু এটি ৫ বছৰীয়া পুত্ৰ সন্তান এই সংসাৰত এৰি থৈ যায় ৷ কাজিৰঙাৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান যেনে-শ্ৰী শ্ৰী কাকগোসানী থান,বচাগাওঁ যুৱক বৃন্দ,পূৱ বচা গাওঁৰক্ষী বাহিনী ইত্যাদিৰ সৈতে জড়িত থকা প্ৰয়াত হাজৰীকাৰ অকাল মৃত্যুত সকলোৱে শোক প্ৰকাশ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *