কাজিৰঙাত বাঘৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৬ এপ্ৰিল: কাজিৰঙাত উদ্ধাৰ ঢেকীয়াপতীয়া বাঘৰ শৱ ৷ ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিবিল এলেকাত উদ্ধাৰ হৈছে শৱটো ৷ স্বাভাৱিক কাৰণত বাঘটোৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে কাজিৰঙা বন বিভাগে। ঘটনাস্থলীত বনবিভাগৰ বিষয়াৰ উপস্থিতিত পশু চিকিৎসকৰ দলে মৰোণোত্তৰ পৰীক্ষাৰ পাছত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰাধিকৰণৰ বিধি অনুযায়ী বাঘটোৰ শৱদাহৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *