ক’ভিড ১৯ প্ৰট’কল অনুসৰি মেথনি বাগিচাত সজাগতা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ এপ্ৰিলঃ বোকাখাত মহকুমা স্বাস্থ্য বিভাগৰ হৈ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়, বোকাখাতৰ চিকিৎসা বিষয়া নৱজোতি নাথৰ নেতৃত্বত মেথনি চাহ বাগিচাত এটা দলে বাগিচাত পাত তোলা, কলঘৰৰ কাম আদি পৰিদৰ্শন কৰি বুজ লয়। স্বাস্থ্য বিভাগৰ কৰ্মী চম্পক বৰগোহাঁই, ঋষিকেশ শইকীয়া আদিয়ে সহযোগ কৰে। বহাগ বিহুৰ বতৰত বাগিচা খোলা ৰাখে যদিও চিকিৎসক নবজোতি নাথে ডিফলু চাহবাগিচাত ১৩ এপ্ৰিলত পশ্চিমবঙ্গৰ পৰা অহা দুজন লোক থানেশ্বৰ গোপাল(২৯), জয়ন্ত গোৱালা(২৬) ক হোম কোৱাৰেন্টামত ১৪ দিন থকাৰ নিৰ্দেশ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *