কাজিৰঙাত ভয়াবহ ধুমুহা-বতাহ, বিস্তৰ ক্ষতি।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ এপ্ৰিলঃ কৰোনাৰ ভয়াৱহতাৰ মাজতে সমগ্ৰ ৰাজ্যৰ লগতে আজি কাজিৰঙাতো ধুমুহা-বতাহে বিস্তৰ ক্ষতি সাধন কৰে ৷ আজি বিয়লি ভাগত প্ৰায় এঘন্টা ধৰি চলা তীব্ৰ ধুমুহা-বতাহৰ ফলত কাজিৰঙাৰ শিলজুৰি, গেলেকী, বচাগাঁও, দিৰিং, দূৰ্গাপুৰ, কহঁৰা, ৰঙাজান, হাতীখুলি, হালধিবাৰী, শিলডুবি আদি অঞ্চলত ব্যাপক ক্ষতিসাধন হয় ৷ ঠায়ে ঠায়ে গছ-গছনি ভাঙি পৰাৰ লগতে কিছু ঠাইত বিদ্যুৎ পৰিৱাহী খুটা ভাঙি পৰে ৷ আনহাতে, প্ৰৱল বতাহৰ ফলত অঞ্চলটোৰ শতাধিক লোকৰ বাসগৃহৰ টিনপাত উৰুৱাই নিয়াৰ লগতে বহু লোকৰ বাসগৃহ ভাঙি তচনচ হৈ পৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *