কাজিৰঙাত মাতৃ হাৰা শিশুৰ খাদ্যৰ বাবে হাঁহাকাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৩ এপ্ৰিল: কাজিৰঙাত শিশু খাদ্যৰ অভাৱ ৷ মাতৃ হাৰা দুটি কনমাণিৰ খাদ্যক লৈ হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কাজিৰঙাৰ ৰঙাজানৰ এটি দৰিদ্ৰ পৰিয়ালৰ ৷ শিশু দুটিৰ মাতৃয়ে সৰুটো সন্তানৰ জন্মৰ ৯ দিনৰ পাছতে ইহ সংসাৰ ত্যাগ কৰে ৷ মহিলা গৰাকীৰ মৃত্যুৰ পাছত আইতাক সহ পৰিয়ালৰ আন সদস্যই কনমানি দুটিৰ ভৰণ-পোষণৰ দায়িত্ব পালন কৰি আহিছে ৷ কিন্তু লকডাউন আৰম্ভ হোৱাৰ পাছতে কনমানি দুটিৰ খাদ্যৰ বাবে হাঁহাকাৰ কৰিব লগীয়া হৈছে পৰিয়ালটিয়ে ৷ কাৰণ মাকৰ বুকুৰ উমৰ পৰা বঞ্চিত শিশু দুটিৰ বাবে পাবলে এতিয়া নাই গাখীৰ ৷ শিশু দুটিৰ পিতৃ দিনহাজিৰা কৰা লোক ৷ তেওঁৰ মাতৃ আছিল হাতীখুলি চাহবাগিচাৰ শ্ৰমিক ৷ শেহতীয়াকৈ বাগিচাৰ তৰফৰ পৰা লেক্ট’জেন দিয়া হৈছে যদিও সেয়া পৰ্যাপ্ত নহয় ৷ ইফালে দিন হাজিৰা কৰা পৰিয়ালটোৱে পোৱা নাই কোনো চৰকাৰী সাহায্য ৷ এগৰাকী হৃদয়বান মহিলাই কণমানি দুটিৰ বাবে গৰু বা পাউদাৰ গাখীৰ যোগান ধৰিছিল যদিও বজাৰত এতিয়া তাৰো অভাৱ ৷ গতিকে শিশু দুটিৰ ভোক-পিয়াহ গুচোৱাৰ কোনো উপাই দেখা নাপাই চিন্তিত হৈ পৰিছে পৰিয়ালটো । পৰিয়ালটোৰ লগতে স্থানীয় লোকে কণমানি কেইটালৈ সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰ আৰু প্ৰশাসনলৈ আহ্বান জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *