নুমলীগড়ৰ কপিকুলক খাদ্য যোগান বোকাখাতৰ একাংশ প্ৰকৃতিপ্ৰেমী যুৱকৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১১ এপ্ৰিলঃ
ল’ক ডাউনৰ ফলত খাদ্য সংকটত কপিকুল ৷ নুমলীগড়ত কপিকুলৰ খাদ্য সংকটৰ সময়ত সহায়ৰ হাত বোকাখাত-গোলাঘাটৰ কেইজনমান প্ৰকৃতিপ্ৰেমী যুৱক ৷ সাধাৰণতে বন্যজন্তুয়ে বনাঞ্চলৰ পৰাই খাদ্য আহৰণ কৰে যদিও বোকাখাতৰ নুমলীগড় বাবা থানৰ শতাধিক বান্দৰৰ কথা কিছু সুকীয়া ৷ অন্য সময়ত বাবা থানত সমাগম ঘটা ভক্তৰ বাবে বান্দৰসমূহে কিছু খাদ্য আহৰণ কৰে ৷ কিন্তু ল’ক ডাউনৰ বাবে সম্প্ৰতি জনশূণ্য প্ৰায় নুমলীগড় বাবা থান ৷ ফলত খাদ্যৰ সন্ধানত সম্প্ৰতি দিহিঙে-দিপাঙে বান্দৰ সমূহ ৷ এনে সময়তে এই কথা লক্ষ্য কৰি গোৰ্খা ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সভাপতি সঞ্জীৱ ছেত্ৰী, সাংগঠনিক সম্পাদক ৰুদ্ৰ ছেত্ৰী, বোকাখাত আঞ্চলিকৰ মণীষ ভৰদ্বাজ, দীপু ছেত্ৰী আৰু গোলাঘাট জিলা আটছাৰ সম্পাদক কুমুদ কালিন্দী আজি বান্দৰসমূহৰ বাবে কিছু খাদ্য বস্তু লৈ উপস্থিত হয় বাবা থানত ৷ কিন্তু থানত উপস্থিত হৈ যুৱকৰ দলটিয়ে বান্দৰৰ সমূহ খাদ্যৰ সন্ধানত থানৰ সমীপৰে দেওপাহাৰৰ দিশে অৱস্থান লোৱাৰ কথা জানিব পাৰে ৷ পাছত দেওপাহাৰত উপস্থিত হৈ দলটিয়ে বান্দৰসমূহক খাদ্য বস্তুখিনি প্ৰদান কৰে ৷ যুৱক কেইজনৰ এই কাৰ্যক ৰাইজে আদৰণি জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *