স্তব্ধ কাজিৰঙাৰ জনজীৱন। অৰ্থনৈতিক সংকটৰ দিশত পৰ্যটন ক্ষেত্ৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ এপ্ৰিল: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিগত বৰ্ষৰ ১২ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিছিল পৰ্যটকৰ বাবে ৷ ২০১৯-২০ পৰ্যটন বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খন পৰ্যটকৰ বাবে মুকলি কৰাৰ সময়ত সৃষ্টি হৈছিল উখল-মাখল পৰিৱেশৰ ৷ কিন্তু পৰ্যটন বৰ্ষৰ অন্ত পৰাৰ আগেয়েই পৰ্যটক শূন্য হৈ পৰিল কাজিৰঙা ৷ বিশ্বব্যাপী সৃষ্টি হোৱা কৰোনাৰ ভয়াবহতাই স্তব্ধ কৰি পেলালে কাজিৰঙাৰ পৰ্যটন উদ্যোগ ৷ দেশে-বিদেশে কৰোনাৰ সংক্ৰমন বৃদ্ধি পাই অহাৰ লগে লগে লকডাউন আৰম্ভ হোৱাৰ আগৰে পৰা পৰ্যটকৰ আগমন সেৰেঙা হৈ অহাৰ পাছত সম্প্ৰতি সম্পূৰ্ণ বন্ধ হৈ পৰিল কাজিৰঙা ৷ যাৰ ফলত কাজিৰঙাৰ পৰ্যটনথলীৰ কেন্দ্ৰ বিন্দু কহঁৰাৰ মিহিমুখত এতিয়া নিমাওমাও পৰিৱেশ ৷ পৰ্যটন বৰ্ষৰ আৰম্ভণিতে সজাই-পৰাই লোৱা হাতী ছাফাৰীৰ গাদীবোৰ পৰি আছে অৱহেলিত হৈ ৷ ছাফাৰীলৈ যোৱা মাউত সকলৰো ব্যস্ততাৰ পৰিবৰ্তে চলি আছে দৈনন্দিন হাতীৰ পৰিচৰ্যাৰ কৰ্তব্য ৷ ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰতে ৰাখি থোৱা হৈছে হাতী বিলাকক ৷ আনহাতে প্ৰায় ৩০০ খন পৰ্যটকৰ বাবে ব্যৱহৃত হোৱা জীপচি গাড়ীৰ অচল হৈ পৰিল চকা ৷ পৰ্যটক নিবাস সমূহৰ অৱস্থাও তথৈবচ ৷ সকলোতে বন্ধ কৰি ৰখা হৈছে তলা ৷ এনেক্ষেত্ৰত সংস্থাপনৰ পথ বন্ধ হৈ পৰিছে বহুজনৰ ৷ ৰিজৰ্ট সমূহো ব্যাপক লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে ৷ পৰৱৰ্তী সময়ত এক বৃহৎ অৰ্থনৈতিক সংকটত কাজিৰঙাৰ পৰ্যটন উদ্যোগ তথা স্থানীয় লোকে ভোগাৰ আশংকা কৰা হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *