আৰ্তজনৰ কাষত হৃদয়বান। শিক্ষকৰ মহানুভৱতাক শলাগ

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ, ৯ এপ্ৰিল : লকডাউনৰ সৰ্বাত্মক প্ৰভাৱত স্তব্ধ জনজীৱন,গৃহবন্দী জনগণ ৷ এই সময়চোৱাত সামৰ্থ অনুযায়ী সহায়ৰ হাত আগবঢ়াবলৈ স্বাস্থ্যমন্ত্ৰীয়ে আহ্বান জনোৱাৰ পাছতে একাংশ হৃদয়বান লোকে সামৰ্থ অনুযায়ী দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰিছে অত্যাবশ্যকীয় খাদ্য সামগ্ৰী ৷ কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মুকুল বড়াই প্ৰায় ত্ৰিশ টা দিন হাজিৰা কৰা পৰিয়াললৈ আগবঢ়াই খাদ্য সামগ্ৰী ৷ মুকুল বড়াৰ সমাজৰ প্ৰতি থকা এনে দায়িত্ব তথা কৰ্মক প্ৰতিজন সচেতন কাজিৰঙাবাসীয়ে শলাগ লয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *