কাজিৰঙাত বন বিষয়াৰ মহানুভৱতা। দৰিদ্ৰৰ মাজত বিতৰণ খাদ্য সামগ্ৰী

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ, ৯ এপ্ৰিল : লকডাউনত স্তব্ধ সমগ্ৰ ৰাজ্য ৷এনে সময়তে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ ঘোষণাৰ প্ৰতি সহাঁৰি জনাইছে হৃদয়বান একাংশ লোকে ৷স্বাস্থ্যমন্ত্ৰীয়ে বিহুৱানৰ পৰিবৰ্তে সামৰ্থ অনুযায়ী দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনোৱাত সহাঁৰি জনাই দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া প্ৰদীপ কুমাৰ গোস্বামীয়ে ৷ নিজৰ জীয়ৰী কবিতা গোস্বামীক লগত লৈ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাবশ্যকীয় সামগ্ৰী বিতৰণ কৰি বনাঞ্চলিক বিষয়া গৰাকীয়ে মানুহৰ বাবে থকা মহানুভৱতাৰ পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *