নিউয়ৰ্কৰ চিৰিয়াখানাত বাঘ কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত তৎপৰ কাজিৰঙা কৰ্তৃপক্ষ

নিউজ ডেক্স, কাজিৰঙা লাইভ, ৮ এপ্ৰিলঃ নিউয়ৰ্কৰ Bronx চিৰিয়াখানাত ঢেকীয়াপতীয়া বাঘ কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছতে তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰী চমুকৈ এন টি চি এ ৷ ইতিমধ্যে এন টি চি এ -ই দেশৰ ব্যাঘ্ৰ প্ৰকল্প আৰু ৰাষ্ট্ৰীয় উদ্যান সমূহলৈ সতৰ্কতা অৱলম্বনৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে ৷ এন টি চি এৰ নিৰ্দেশনাৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ কৰ্তৃপক্ষই গ্ৰহন কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতিটো বনশিবিৰ এলেকাত বিচৰণ কৰা বাঘক পৰ্যবেক্ষণ কৰাৰ নিৰ্দেশ দিয়া হৈছে সংশ্লিষ্ট বনকৰ্মী সকলক ৷ বনকৰ্মী সকলে পৰ্যবেক্ষণ কৰা বাঘৰ অস্বাভাৱিক আচৰণ প্ৰত্যক্ষ কৰিলে লগে লগে উৰ্ধতন কৰ্তৃপক্ষক অবগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ আনহাতে বাঘ পৰ্যবেক্ষণ কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনত সংস্থাপন কৰা কেমেৰাৰ যোগেদি বাঘৰ বিচৰণৰ তথ্য সংগ্ৰহৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে বুলি জানিবলৈ দিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ বন্যপ্ৰাণী কৰোনা ভাইৰাছৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনাৰ সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ’ ৰমেশ গগৈয়ে কৰা মন্তব্য মতে বন্যপ্ৰাণীৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বেছি ৷ তদুপৰি বন্যপ্ৰাণী সাধাৰণতে মানুহৰ সংস্পৰ্শলৈ নাহে ৷ কিন্তু বন্যপ্ৰাণীৰ সংস্পৰ্শলৈ ঘৰচীয়া জীৱ-জন্তু আহিলেহে বিপদ আহিব পাৰে ৷ কাৰণ ঘৰচীয়া জীৱ-জন্তুৰ যোগেদি মানুহলৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত এনে এক সমস্যাই দেখা দিছে ৷ কাৰণ ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতি কাষৰীয়া অঞ্চলৰ ঘৰচীয়া জীৱ-জন্তু চৰিবলৈ প্ৰৱেশ কৰে ৰাষ্ট্ৰীয় উদ্যানখনত ৷ গতিকে প্ৰচাৰ পত্ৰিকাৰ জৰিয়তে ৰাইজক এইক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনাইছে উদ্যান কৰ্তৃপক্ষই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *