কৰ’ণাৰ বিৰুদ্ধে ব্যতিক্ৰমী যুজঁ বোকাখাতৰ বালিজান বাসীৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ মাৰ্চ: সমগ্ৰ বিশ্বৰ লগতে বিশ্বত্ৰাস কৰ’ণাৰ বিৰুদ্ধে যুঁজিছে বোকাখাতৰ এখন গাঁৱে ৷ বালিজান নতুন গাঁও নামৰ গাঁওখনত কৰণাৰ বিপক্ষে সজাগতা অনাৰ বাবে গঠন কৰিছে ১০ জনীয়া স্বেচ্ছাসেৱকৰ দল ৷ প্ৰতি দিনাই সামাজিক দুৰত্ব বজাই ৰাখি ২ জন স্বেচ্ছাসেৱকে গাঁৱৰ প্ৰয়োজনীয় সামগ্ৰীও যোগান ধৰে ঘৰে ঘৰে ৷ মুলতঃ গাঁওখনৰ সকলোকে ঘৰৰ ভিতৰত থাকি কৰণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়াস কৰিছে ৷ সেয়েহে গাঁওখনৰ প্ৰতিজন লোকেই নিজকে স্বগৃহত আৱদ্ধ কৰি ৰাখিছে ৷ গেছৰ পৰা ঔষধলৈকে সকলো যোগান ধৰিছে স্বেচ্ছাসেৱকৰ ২ জন সদস্যই ৷ একেদৰেই বোকাখাতৰ বিশিষ্ট ব্যৱসায়ী মহাবীৰ প্ৰসাদ আগৰৱালাই যোগান ধৰা ব্লিচিং, ফেনাইল আৰু ডেটলৰ সংমিশ্ৰণত প্ৰস্তুত কৰা দ্ৰব্যৰে প্ৰতিটো ঘৰত চেনিটাৰাইজড কৰিছে ৷ গাঁৱৰ পথ সমুহতো চেনিটাইজড কৰিছে ৪ জন স্বেচ্ছাসেৱকে ৷ মুলতঃ গাঁওখনৰ নাগৰিকৰ এতিয়া বহিঃজগতৰ লগত কাৰ্যতঃ প্ৰত্যক্ষ যোগাযোগ নাই ৷ কৰ্তব্য সম্পন্ন কৰা স্বেচ্ছাসেৱক দুজনেও চৰকাৰী নিয়ম মানি নিজকে কৰণা ভাইৰাছৰ পৰা নিলগাই ৰখাৰ সকলো চেষ্টা কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *