কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভাগত ৫৫ হাজাৰ টকা সহ আটক বহিৰাজ্যৰ দুই যুৱক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ মাৰ্চ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৫৫ হাজাৰ টকা সহ আটক বহিৰাজ্যৰ যুৱক ৷ যি সময়ত কৰ’নাৰ সংক্ৰমন ৰোধ কৰাৰ বাবে দেশত লকডাউন ঘোষনা কৰা হৈছে তেনে সময়ত বহিৰাজ্যৰ যুৱক অবৈধ ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে । শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্ভাগত কৰ্তব্যৰত বনকৰ্মীয়ে আটক কৰে যুৱক দুজনক ৷ ঘন জংঘলৰ মাজত আত্মগোপন কৰি থকা অৱস্থাত বনকৰ্মীয়ে আটক কৰা যুৱক দুজন উত্তৰ প্ৰদেশৰ অজিত যাদৱ আৰু ৰঞ্জিত তিৱাৰী ৷ ধৃত যুৱক দুজনৰ পৰা বনকৰ্মীয়ে উদ্ধাৰ কৰে ৫৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ ,মোবাইল ফোন সহ আন কিছু সামগ্ৰী ৷ যুৱক দুজনৰ বিৰোদ্ধে বনবিভাগে BR/09 of 2020 নম্বৰত বন্যপ্ৰাণী সুৰক্ষা আইনৰ S/27 ধাৰাত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ৷ আনহাতে, তেওঁলোকৰ পৰা উদ্ধাৰ কৰা নগদ ধন সহ বাকী সামগ্ৰী সমূহো জব্দ কৰে বন বিভাগে ৷ বন বিভাগে সন্দেহ কৰা মতে যুৱক কেইজন চুৰি-ডকাইটি আদি অনৈতিক কাৰ্যৰ লগত জড়িত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *