কাজিৰঙাৰ দাঁতি কাষৰীয়া গ্ৰামাঞ্চলত BQৰ সন্ত্ৰাস

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৩ মাৰ্চ: কৰ’ণা ভাইৰাছে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ কাজিৰঙাৰ পশুধনৰ মাজত দেখা দিছে এক মাৰাত্মক ৰোগে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱতী জাপৰি পথাৰ গাওঁখনৰ পশুধনৰ মাজত দেখা দিছে ব্লেক কোৱাটাৰ অৰ্থাৎ জহৰবাদ নামৰ এবিধ মাৰাত্মক ৰোগে ৷ উল্লেখ্য যে, ২০১৮ চনত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চল তামুলীপথাৰত পশুধনৰ মাজত মহামাৰীৰ ৰূপ লোৱা ব্লেক কোৱাটাৰ নামৰ ৰোগ বিধে পুনৰ দেখা দিয়াত আতংকৰ সৃষ্টি হৈছে উদ্যান খনৰ কাষৰীয়া গ্ৰামাঞ্চলত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পঞ্চাশ মিটাৰ দুৰত্বত থকা জাপৰিপথাৰ নামৰ গাওঁখনত এটা মাহত মৃত্যু হৈছে প্ৰায় ৩৫ টা গৰুৰ ৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱকুলৰ প্ৰতিও আহিছে ভাবুকি ৷ যিকোনো মুহুত্বতে পোহনীয়া গৰুৰ পৰা সংক্ৰমিত হব পাৰে এই মাৰাত্মক ৰোগ ৷ ইফালে সমগ্ৰ ঘটনাটো তদন্ত কৰি নমুনা সংগ্ৰহ কৰে গুৱাহাটীস্থিত North Eastern Regional Disease Diagnostic Laboratory ৰ চিকিৎসকৰ দলে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ কাষত থকা চৰণীয়া পথাৰত পশুধন যাবলৈ নিদিবলৈ আহ্বান চিকিৎসকৰ দলটোৰ ৷ চিকিৎসকে জনোৱা মতে, এমাহৰ পূৰ্বে এই মাৰাত্মক ৰোগ বিধৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কাষৰীয়া গাঁও সমূহত ইয়াৰ প্ৰতিষেধক দিয়া হৈছিল যদিও ফলপ্ৰসূ নহল। যাৰ বাবে বিষয়টো গাঁও বাসীৰ লগতে পশু চিকিৎসক সকলৰ বাবেও চিন্তনীয় হৈ পৰিছে। আনহাতে, স্থানীয় ৰাইজৰ মতে এটা গৰু ৰোগটোত আক্ৰান্ত হোৱাৰ পাছত প্ৰায় পাচঁ-ছয় ঘণ্টাহে জীয়াই থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *