এফালে কৰ’ণা আতংক, আনফালে নাৰ্চৰ মইমতালি কঁহৰা আদৰ্শ চিকিৎসালয়ত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ মাৰ্চ: কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে যি সময়ত স্বাস্থ্য মন্ত্ৰীকে আদি কৰি ৰাজ্যৰ সমগ্ৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে দিনে নিশাই কৰ্তব্য পালন কৰি গৈছে ,সেই সময়ত কাজিৰঙাত এগৰাকী নাৰ্চৰ বিৰুদ্ধে কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ উল্লেখ্য যে সীমিত সংখ্যক চিকিৎসক আৰু চিকিৎসা কৰ্মীৰে চলি আছে কাজিৰঙাৰ কহঁৰা আদৰ্শ চিকিৎসালয় ৷ তাৰ মাজতে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহ থকা লোকক নিৰীক্ষণৰ বাবে দুটা আইছ’লেচন কক্ষও ৰখা হৈছে ৷ নাৰ্চৰ সংখ্যা কম হোৱাৰ বাবে ২৪ ঘন্টা চিকিৎসাৰ ব্যৱস্থা থকা চিকিৎসালয়খনত এটা চিফ্টত এগৰাকী নাৰ্চেহে কৰ্তব্য পালন কৰিব লগীয়া হয় ৷তাৰ মাজতে আন চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলে ৰাজ্যৰ এই সংকটৰ সময়ত নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি গৈছে যদিও ৰাখী চুতীয়া নামৰ এগৰাকী নাৰ্চৰ মইমতালিত সৰৱ হৈ উঠিছে বিভিন্ন দল সংগঠন ৷ সোমবাৰে নাৰ্চ গৰাকী কৰ্তব্যত উপস্থিত নথকাত নাৰ্চৰ অবিহনেই চলাব লগীয়া হ’ল চিকিৎসালয় খনৰ কামকাজ ৷ এনে জৰুৰীকালীন অৱস্থাতো সোমবাৰে চিকিৎসালয় কৰ্তৃপক্ষক অৱগত নকৰাকৈ কৰ্তব্যত অনুপস্থিত থকা নাৰ্চ ৰাখী চুতীয়াই ইতিপূৰ্বে বিভিন্ন সময়ত ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈ আহিছে ৷ নাৰ্চ গৰাকীৰ এই অৱহেলাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ উৰ্ধতন কৰ্তৃপক্ষক সকলোৱে আহ্বান জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *