কাজিৰঙাত আবদ্ধ বিদেশী পৰ্যটক। সহায়ৰ হাত সহযোগী গাইড আৰু কাজিৰঙা প্ৰেছ ক্লাৱৰ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ মাৰ্চ: কাজিৰঙাত আবদ্ধ এজন বিদেশী পৰ্যটক ৷ যোৱা ১৪ মাৰ্চত দিল্লীৰ পৰা আহি কাজিৰঙাত উপস্থিত হোৱা ছুইডেনৰ পৰ্যটক জনৰ নিজ দেশলৈ উভতি যোৱাত সৃষ্টি হৈছে বাধাৰ ৷ দুবাৰকৈ আন্তৰাষ্ট্ৰীয় বিমান বাতিল হোৱাত তীব্ৰ আৰ্থিক সংকটত পৰিছে মেটিয়াছ বস্ত্ৰম নামৰ বিদেশী পৰ্যটক জন ৷ জানিব পৰা মতে, তেওঁ নিজ দেশৰ বেংক সেৱাৰ পৰাও বৰ্তমান বঞ্চিত হ’ব লগিয়া হৈছে ৷ দিল্লীৰ পৰা আহি কাজিৰঙাত কেইদিন মান কটাই স্বদেশলৈ উভতি যোৱাৰ পৰিকল্পনা আছিল পৰ্যটক গৰাকীৰ ৷ কিন্তু কাজিৰঙাত উপস্থিত হোৱাৰ পাছতে হঠাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হৈ পৰিল ৷গতিকে তেওঁ নিজ দেশলৈ যোৱাৰ বাবে বিমানৰ টিকেট বুকিং কৰিলে যদিও বৰ্তমানৰ পৰিস্থিতিত দুবাৰকৈ বাতিল হ’ল বিমান সেৱা। সিমিত বাজেটেৰ ভাৰত ভ্ৰমনলৈ অহা পৰ্যটক গৰাকী এতিয়া দীৰ্ঘ দিনৰ বাবে আবদ্ধ হৈ পৰাত দেখা দিছে আৰ্থিক অনাতনে ৷ অৱশ্যে স্থানীয় লোকে তেওঁক থকা খোৱাৰ ক্ষেত্ৰত পাৰ্যমানে সহায় আগবঢ়াইছে ৷ অৱশ্যে তেওঁৰ কাজিৰঙা ভ্ৰমনৰ সময়ত সংগ দিয়া গাইড বিতোপন কলঙে কিছু আৰ্থিক সহযোগত দুই এদিনতে কাজিৰঙাৰ পৰা যোৱাৰ ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে ছুইডেনৰ পৰ্যটকজন সাত বছৰৰ পূৰ্বে কাজিৰঙালৈ আহি অভিভূত হৈ পৰিছিল ৷ একাধিকবাৰ কাজিৰঙালৈ অহা বিদেশী পৰ্যটকজনে তেওঁৰ পিঠিত টাটু কৰি লৈছে কাজিৰঙাৰ গঁড় ৷ তেওঁ ব্যক্ত কৰা মতে মাকে দিয়া এখন কিতাপত তেওঁ কাজিৰঙাৰ কথা জানিব পাৰিছিল ৷তাৰপাছত কাজিৰঙালৈ আহি আকৰ্ষিত হৈছিল কাজিৰঙাৰ প্ৰতি ৷আনহাতে বিপদৰ সময়ত স্থানীয় লোকৰ সহযোগিতাক তেওঁ প্ৰশংসা কৰে পৰ্যটক গৰাকীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *