এফালে কৰ’না আতংক। আনফালে হাত ধুবলৈ পানী নাই কৃষি মন্ত্ৰীৰ সমষ্টিৰ কেইবাখনো গাঁৱত।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ মাৰ্চ: কৰ’না ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে ঘনাই ধুব লাগে হাত ৷ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰো এই আহ্বান ৷ পিছে পানী নাথাকিলে হাত ক’ৰ পৰা ধুব ৷কাজিৰঙাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম অৱহেলাৰ বিৰোদ্ধে তীব্ৰ প্ৰতিবাদ কাজিৰঙাত ৷ উল্লেখ্য যে যি সময়ত কৰ’নাৰ আতংকত কম্পমান সমগ্ৰ বিশ্ব ৷এই মাৰাত্মক ভাইৰাছ সংক্ৰমন ৰোধৰ বাবে ঘনে ঘনে হাত ধোৱাৰ সজাগতাৰ সৃষ্টি কৰিছে স্বাস্থ্য বিভাগে ৷ তেনে সময়তে কাজিৰঙাত জনস্বাস্থ্য কাৰীকৰি বিভাগৰ আজৱ কাণ্ড ৷এসপ্তাহৰো অধিক সময় ধৰি বিকল হৈ থকা কহঁৰা চাৰিআলি পানী যোগান প্ৰকল্পটোৰ মেৰামতিৰ ব্যৱস্থা নকৰিলে বিয়াগোম চৰকাৰী বিভাগটোৱে ৷ যাৰ ফলত পিলখানা, ফৰেষ্ট কলনি নেপালী গাঁৱকে আদি কৰি তিনিশৰো অধিক পৰিয়ালৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ যাৰ বাবে কোনোৱে বিদ্যালয়ৰ টিউবেলৰ পৰা আৰু আন কোনোৱে নদীৰ পানী কঢ়িয়াই কোনোমতে পানীৰ জোৰা মাৰিব লগিয়া হৈছে ৷ ইফালে অপৰিস্কাৰ পানী ব্যৱহাৰৰ ফলত অঞ্চলটোৰ বহু কণমাণিৰ শৰীৰত দেখা দিছে বিভিন্ন ৰোগে ৷ আনহাতে এনে দুৰ্যোগৰ সময়তো বোকাখাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অকৰ্মণ্যতাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অঞ্চলটোৰ ৰাইজে ৷ ৰাইজৰ অভিযোগ যে নিৰ্বাচনৰ সময়ত ভূৱা প্ৰতিশ্ৰুতি দিবলৈ আহোতেই মুখ দেখিছিল জনপ্ৰতিনিধিৰ ৷ বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাক ভোটভিক্ষাৰ পাছত কেৱল মাত্ৰ টেলিভিশ্যনত দেখা পোৱা হৈছে বুলি মত প্ৰকাশ স্থানীয় ৰাইজৰ ৷ ইফালে হাজাৰ হাজাৰ লোক অহা যোৱা কৰা গাওঁকেইখনৰ মূল পথটোৱে জীয়াতু ভোগাইছে অঞ্চলটোৰ ৰাইজক ৷ বিধায়ক অতুল বৰাই আধাৰশিলা স্থাপন কৰিয়েই দায়িত্ব সামৰাৰ উপৰি আজিলৈকে নিৰ্মাণ নহল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পিলখানা সংযোগী পথছোৱা ৷ পথটোৰ বাবে যথেষ্ট সমস্যাত পৰা ৰাইজৰ পৰিবৰ্তনকামী চৰকাৰলৈ প্ৰশ্ন -“এইয়াই আছিল নেকি পৰিবৰ্তন ?” ৷ চৰকাৰলৈ ৰাইজৰ অনুৰোধ -অতি সোনকালে পানী যোগানৰ সু ব্যৱস্থা আৰু পথটো নিৰ্মাণ কৰি দিয়ক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *