পৰ্যটকৰ আগমন অব্যাহত কাজিৰঙালৈ। ২২ পৰ্যটকক স্বাস্থ্য পৰীক্ষা।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ মাৰ্চ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হ’লেও দেশী পৰ্যটকৰ আগমন বন্ধ হোৱা নাই পৰ্যটন ক্ষেত্ৰ খনলৈ ৷ আজি মহাৰাষ্ট্ৰৰ পৰা কাজিৰঙাত উপস্থিত হোৱা ২২ জন পৰ্যটকক কাজিৰঙাৰ কহঁৰা মডেল হস্পিতালত স্বাস্থ্য পৰীক্ষা কৰে চিকিৎসকে ৷ অৱশ্যে নিয়ম অনুসৰি কৰা এই স্বাস্থ্য পৰীক্ষাত পৰ্যটক সকল সম্পূৰ্ণ সুস্থ বুলি প্ৰকাশ কৰিছে চিকিৎসকে৷ আনহাতে কাজিৰঙা পৰ্যটকৰ বাবে বন্ধ কৰাৰ কথা উপযুক্ত প্ৰচাৰৰ অভাৱত পৰ্যটকৰ দৃষ্টি গোচৰ নোহোৱাত দেশী বিদেশী পৰ্যটৰ আগমন এতিয়াও বন্ধ হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *