কাজিৰঙাত ক’ৰ’ণা আতংক। বহিঃ ৰাজ্যৰ পৰা নিজ গৃহলৈ অহা ৬ যুৱকক স্বাস্থ্য পৰীক্ষা।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৮ মাৰ্চ: চৌদিশে ক’ৰ’ণাৰ ভয়াৱহতাই ব্যাপক ৰূপ ধাৰণ কৰাৰ সময়তে কাজিৰঙাতো কৰ’ণা আতংকই শংকিত কৰিছে কাজিৰঙাবাসীক । বহিঃ ৰাজ্যৰ পৰা কাজিৰঙাৰ নিজ গৃহলৈ উভতি অহা ৬ জন যুৱকক লৈ আতংকৰ সৃষ্টি হৈছে কাজিৰঙাত । জানিব পৰা ম’তে, কাজিৰঙাৰ বিভিন্ন অঞ্চলৰ ছয় যুৱক বিগত কেইবাবছৰ ধৰি কৰ্মৰত আছিল চেন্নাই আৰু কেৰেলাত । পাঁচ দিন পূৰ্বে নিজ গৃহত উপস্থিত হোৱা যুৱক কেইজনক লৈ শংকাৰ সৃষ্টি হৈ আছিল গাঁওবাসীৰ মাজত । ইয়াৰ মাজতে বুধবাৰে গাঁওবাসীয়ে কঁহৰা আদর্শ চিকিৎসালয়ত খবৰ দিয়াৰ পাছতে যুৱক কেইজনৰ ঘৰত উপস্থিত হয় চিকিৎসকৰ দল । চিকিৎসকৰ দলটোৱে পৰীক্ষা নিৰীক্ষা চলাই কৰ’ণাৰ কোনো লক্ষণ যুৱক কেইজনৰ দেহত পোৱা নাই যদিও আগন্তুক ১০ দিনৰ বাবে যুৱক কেইজনক নিজ গৃহতে নিৰীক্ষণত ৰখা হব বুলি জনাইছে চিকিৎসকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *