বৰনগৰ মহাবিদ্যালয়ত উলহ-মালহেৰে উদযাপন আন্তঃৰাষ্ট্ৰীয় গণিত দিৱস ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ , ১৭ মাৰ্চ : অসম গণিত শিক্ষায়তন,বৰপেটা শাখাৰ উদ্যোগত আৰু বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত আন্ত:ৰাষ্ট্ৰীয় গণিত দিৱস উলহ-মালহেৰে উদযাপন কৰা হয় ৷মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে অসম গণিত শিক্ষায়তন , বৰপেটা শাখাৰ সভাপতি তথা বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে ৷ এন অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰকাশ কৰি উলিওৱা ’MATHOPEDIA” নামৰ এখন প্ৰাচীৰ প্ৰত্ৰিকাও উন্মোচন কৰা হয় ৷ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম গণিত শিক্ষায়তন , বৰপেটা শাখাৰ সম্পাদক তথা বৰনগৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক দুলাল চন্দ্ৰ দাসে ৷ মহাবিদ্যালয়ৰ সমীপৱৰ্তী বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলা এই অনুষ্ঠানটোত উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° প্ৰকাশ কুমাৰ শৰ্মা আৰু কামাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ শিক্ষক তথা অসম গণিত শিক্ষায়তন ,বৰপেটা শাখাৰ উপ-সভাপতি ৰাজেন চন্দ্ৰ ৰয়ে গণিতৰ উপযোগীতাৰ সন্দৰ্ভত তেওঁলোকৰ বহুমূলীয়া ভাষণ আগবঢ়ায় ৷এই সভাতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা গণিত বিষয়ৰ ৰচনা প্ৰতিযোগিতাৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয় ৷ ’ক’ শাখাত জুস্মিতা দাসে ( ৰয়েল নেচনেল পাব্লিক স্কুল,বৰপেটাৰোড) প্ৰথম, ৰিম্পী দাসে (শংকৰদেৱ শিশু নিকেতন, সৰভোগ ) দ্বিতীয় , আৰু মাৰ্টিনা দাসে ( আদৰ্শ বিদ্যালয় , পাকাবেতবাৰী ) তৃতীয় স্থান লাভ কৰে ৷ ’খ’ শাখাত হিমাশ্ৰী দাসে (শংকৰদেৱ শিশু নিকেতন ,সৰভোগ )প্ৰথম ,পৰিস্মিতা দাসে (বাডচ একাডেমী , সৰভোগ ) দ্বিতীয় আৰু মানচাৰুল ইছলাম ( কাঁটাঝাৰ বাজাৰ হাইস্কুল ,কাঁটাঝাৰ ) তৃতীয় স্থান লাভ কৰে ৷ বিজয়ী প্ৰতিযোগী সকলক নগদ ধন,প্ৰমাণ-পত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *