কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন ৷ গঁড়ৰ আক্ৰমণত নিহত হ’ল এজন বনকৰ্মী,আহত এজন ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ মাৰ্চ : কালিৰে পৰা বন্ধ ঘোষণা কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি গঁড়ৰ অপ্ৰত্যাশিত আক্ৰমণত থিতাতে মৃত্যুক সাৱটি লব লগা হ’ল চাকৰি জীৱনৰ অৱসৰলৈ মাত্ৰ এটা বছৰ ৰৈ যোৱা এজন জেষ্ঠ বনকৰ্মীৰ ৷ গঁড়ৰ অপ্ৰত্যাশিত আক্ৰমণৰ সময়ত শূন্যলৈ চলোৱা প্ৰথম জাঁই গুলী ফুটা হ’লে সম্ভৱতঃ বনকৰ্মী দুজন গঁড়ৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল হেঁতেন ৷ উল্লেখ্য যে মঙলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাত গঁড়ৰ আক্ৰমণত আহত হয় দুজন বনকৰ্মী ৷কহঁৰা বনাঞ্চলৰ মুনাটঙী বনশিবিৰ এলেকাত নিয়মীয়া টহলৰ সময়ত হঠাতে এটা গঁড়ে খেদি আহে বৃকোদৰ বৰা আৰু অনিল কলিতা নামৰ তহলদাৰী বনকৰ্মী দুজনক ৷গঁড়ৰ এই আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে অনিল কলিতাই নিজৰ ৩০৩ ৰাইফলেৰে শূন্যলৈ গুলী চালনা কৰে যদিও দুৰ্ভাগ্য:বশত নুফুটিল প্ৰথম জাঁই গুলী ৷ লগে লগে পুনৰ শূন্যলৈ কৰা দ্বিতীয় জাঁই গুলী ফুটিল যদিও গঁড়ৰ আক্ৰমণত ধৰাশায়ী হৈ পৰিল বৃকোদৰ বৰা ৷ অনিল কলিতাই গঁড়ৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কথমপি সক্ষম হ’ল যদিও আহত হ’ল এই বনকৰ্মী জনও ৷ ইফালে গঁড়ৰ আক্ৰমণত থিতাতে নিহত হ’ল বৃকোদৰ বৰা নামৰ জেষ্ঠ বনকৰ্মীজন ৷ সম্প্ৰতি এই দুৰ্ঘটনাত আহত বনকৰ্মী অনিল কলিতাক চিকিৎসাৰ ব্যৱস্থা কৰিছে বনবিভাগে ৷ অৱসৰৰ বাবে মাত্ৰ এটা বছৰ বাকী থকা বনকৰ্মী বৃকোদৰ বৰাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ কাজিৰঙাতে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *