পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তত ২৮.৫ লাখ টকাৰ কামৰ শুভাৰম্ভ

নিউজ ডেস্ক,কাজিৰঙা লাইভ, ১৬ মাৰ্চ: বোকাখাত মহকুমাৰ অন্তৰ্গত পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তত একেদিনাই কেবাটাও আঁচনিৰ শুভাৰম্ভ কৰা হয় ৷ আজি সোমবাৰে পঞ্চায়তটোৰ অন্তৰ্গত কহঁৰা অঞ্চলত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত মুঠ ২৮ লাখ ৫০ হাজাৰ টকাৰে সাতটা আঁচনিৰ শুভাৰম্ভ কৰা হয় ৷ চি. চি. ব্ল’কৰ পথ, ফুট ব্ৰীজ, কমিউনিটি হল সহ মুঠ সাতটা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত আজি গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰা, ১ নং কাজিৰঙা জিলা পৰিষদৰ সদস্য সীতা পানিকা, পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ সভানেত্ৰী জুৰি বৰা, সচিব প্ৰভাত ফুকন, আঞ্চলিক পঞ্চায়তৰ সদস্য মুকুুল দাসকে ধৰি পঞ্চায়তটোৰ ৱাৰ্ড সদস্য, সদস্যা সকল উপস্থিত থাকে ৷ স্থানীয় ৰাইজে পঞ্চায়তৰ বিষয়-ববীয়া সকলক আঁচনিসমূহ আৰম্ভ কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি নিয়াৰিকৈ আঁচনি সমূহ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *