কাজিৰঙাত কৰ’না আতংক। পৰ্যটকৰ বাবে সাময়িক ভাৱে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৬ মাৰ্চ: সমগ্র বিশ্বজুৰি এতিয়া কৰ’নাৰ আতংক। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা কাজিৰঙালৈ অহা পৰ্যটকক লৈ শংকাৰ সৃষ্টি হৈছে বিশ্ব পৰ্যটন থলি কাজিৰঙাত ৷ কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ । ৰাজ্যিক চিৰিয়াখানা, ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প থলি সমূহৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ১৭ মাৰ্চৰ পৰা ২৯ মাৰ্চ পৰ্য্যন্ত ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। এই সময়চোৱাত ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী, হাতী চাফাৰীৰ লগতে তথ্যচিত্ৰ নিৰ্মান আৰু গৱেষণাৰ পূৰ্বৰ অনুমতিও বাতিল কৰিছে বনবিভাগে ৷ উল্লেখ যে, ফেব্ৰুৱাৰী মাহৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলা কনট্ৰল বাৰ্নিংৰ পাছত কাজিৰঙাত বৃদ্ধি পাইছিল দেশী বিদেশী পৰ্যটকৰ সংখ্যা। কাজিৰঙাৰ অতিথিশালা সমূহত বুকিং আছিল বহু সংখ্যক পৰ্যটকৰ। কিন্তু কৰ’না ভাইৰাছে সকলোতে চেঁচা পানী পেলালে। ৰাষ্ট্ৰীয় উদ্যান খনত ১৭ মার্চৰ পৰা ২৯ মাৰ্চ পৰ্য্যন্ত বনকৰ্মীৰ আৰু আৰু বন বিষয়াৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষেধ কৰিছে কৰ্তৃপক্ষই।

Leave a Reply

Your email address will not be published. Required fields are marked *