কাজিৰঙা ছাৰ্ভিছ ষ্টেচনত প্ৰশাসনৰ অভিযান। পেট্ৰল পাম্পৰ লগতে জব্দ দুখন মটৰ চাইকেল।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৪ মাৰ্চ: জিলা প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি হেলমেট বিহীন বাইক আৰোহীক তেল দিয়াৰ বাবে গোলাঘাট জিলা প্ৰশাসনে শনিবাৰে জব্দ কৰে কাজিৰঙা ছাৰ্ভিছ ষ্টেচন নামৰ পেট্ৰল পাম্পটো ৷ গোলাঘাট জিলাৰ উপায়ুক্ত আৰু বোকাখাত মহকুমাৰ মহকুমাধিপতিৰ যৌথ অভিযানত জব্দ কৰা হয় পেট্ৰল ডিপুটো ৷ উল্লেখ্য যে গোলাঘাট জিলা প্ৰশাসনে জিলাখনত হেলমেট নিপিন্ধা বাইক আৰোহীক তেল নিদিবলৈ পেট্ৰল ডিপু সমূহক নিৰ্দেশনা জাৰি কৰিছিল ৷ শনিবাৰে অভিযানৰ সময়ত হেলমেট নথকা বাইক আৰোহীক তেল দি থকাৰ অৱস্থাত ধৰা পেলাই ডিপুটো জব্দ কৰে প্ৰশাসনে। আনহাতে বাইক আৰোহী কেইজনৰো অনুজ্ঞাপত্ৰৰ লগতে আন নথিপত্ৰ নথকাত দুখন বাইকো জব্দ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *