কা, কেবৰ পাছত ক’ৰ’ণাৰ মাধমাৰ কাজিৰঙা পৰ্যটন ক্ষেত্ৰত। বিদেশী পৰ্যটক আগমনত প্ৰতিবন্ধকতা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৪ মাৰ্চ: কাজিৰঙালৈ বিদেশী পৰ্যটক আগমনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা প্ৰশাসনৰ ৷ অৱশ্যে এই প্ৰতিবন্ধকতা সীমিত সময়ৰ বাবেহে ৷ বোকাখাত মহকুমা প্ৰশাসনে চলিত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ তথা মহামাৰী ৰূপ ধাৰণৰ ভয়াৱহতাক স্বীকাৰ কৰি এক নিৰ্দেশনা অনুসৰি এয়া কাৰ্যকৰী কৰিছে কাজিৰঙাত ৷ জানিব পৰা মতে, শুক্ৰবাৰে কাজিৰঙাৰ হোটেল ব্যৱসায়ী সন্থাৰ লগত হোৱা এক আলোচনাৰ পাছত কাজিৰঙাৰ অতিথিশালা সমূহত নতুনকৈ কোনো বিদেশী পৰ্যটকৰ বুকিং লোৱাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ সাম নকতা পর্যন্ত কোনো বিদেশী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিব নোৱাৰিব। অৱশ্যে যি সকল বিদেশী পৰ্যটকৰ ইতিমধ্যে কাজিৰঙাৰ অতিথিশালা সমূহত বুকিং লোৱা হৈছে সেই সমূহৰ ক্ষেত্ৰত কিছু সকাহ দিছে প্ৰশাসনে। বিগত কেইবাদিন ধৰি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰি থকা বিদেশী পৰ্যটক সকলে কাজিৰঙাত উপস্থিত হৈ অতিথিশালাত প্ৰৱেশ কৰাৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰাব লাগিব। ক’ৰ’ণা আক্ৰান্ত কোনো ব্যক্তি পোৱা গলে তাৎক্ষণিক ব্যবস্থা লব পৰাকৈ প্ৰস্তুত কৰি তুলিছে কঁহৰা আদৰ্শ চিকিৎসালয়। আনহাতে,কা, কেবৰ ফলত পৰ্যটক হ্ৰাস পোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পুনৰ পৰ্যটকৰ আগমনৰ হোৱাৰ সময়তে ক’ৰ’ণা আতংকই মাধমাৰ সুধাইছে কাজিৰঙা পৰ্যটনত। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুযায়ী ১৪ এপ্ৰিল পৰ্যন্ত বিদেশী পৰ্যটক অহাৰ প্ৰতিবন্ধকতাই কাজিৰঙাৰ পৰ্যটন ব্যাপক প্ৰভাৱ পেলোৱাৰ আশংকা কৰিছে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ী সকলে। যিহেতু ৩০ এপ্ৰিল পৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খোলা থাকে পৰ্যটকৰ বাবে। ১৫ এপ্ৰিল লৈকে বিদেশী পৰ্যটক নাহিলে ব্যাপক লোকচানৰ সন্মূখীন হব লাগিব পৰ্যটন ব্যৱসায়ী সকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *