কাজিৰঙাত ক’ৰণা সংক্ৰমণৰ আশংকা। স্থগিত হ’ল কাজিৰঙা উৎসৱ ২০২০

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৭ মাৰ্চ: ক’ৰনা ভাইৰাছৰ আতংক আৰম্ভ হৈছে কাজিৰঙাতো ৷ যাৰবাবে অনিৰ্দিষ্ট দিনলৈ স্থগিত কৰিলে কাজিৰঙা উৎসৱ ২০২০ ৷ অসমৰ পৰ্যটন উদ্যোগটোৰ বিকাশৰ উদ্দেশ্য আগত ৰাখি বোকাখাত মহকুমা প্ৰশাসনে আয়োজন কৰিছিল কাজিৰঙা উৎসৱ ২০২০৷ অহা ১২ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ অনুস্থিত হব লগা এই উৎসৱখনি দ্বিতীয়বাৰৰ বাবে স্থগিত হল জনসমাগমত কৰ’না ভাইৰাছ সম্প্ৰসাৰণৰ আশংকা কৰিয়েই ৷ বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে জনালে এই কথা ৷ অসমৰ কাজিৰঙা, যোৰহাট, মাজুলী, গুৱাহাটী ভ্ৰমণ কৰি ভুটানলৈ যোৱা এজন মাৰ্কিন পৰ্যটক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ নিশ্চিতি ভুটান চৰকাৰে দিয়াৰ পাছতেই এই জিলা কেইখনৰ লগতে কাজিৰঙাৰ সকলোৰে মাজত সৃষ্টি হৈছে তীব্ৰ আতংকৰ ৷ যোৱা ২৮ ফেব্ৰুৱাৰীত কাজিৰঙাৰ কহঁৰা বনাঞ্চল দৰ্শন কৰিছিল এম ভি মহাবাহু ক্ৰুইজৰ চাৰিজন বিদেশী পৰ্যটকে ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰা এই কথা জানিব পৰা গৈছে ৷কিন্তু এই চাৰিজনৰ ভিতৰত কৰ’না আক্ৰান্ত মাৰ্কিন পৰ্যটক Hewitt আছিল নে সেই কথা নিশ্চিত কৰিব পৰা নাই ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷উদ্যান কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে কৰ’না আক্ৰান্ত পৰ্যটক জনক চিনাক্ত কৰিব পৰা তথ্য বৰ্তমান বনবিভাগৰ হাতত নাই ৷গতিকে প্ৰকৃততে ব্যক্তিজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাটো হয় নে নহয় সেই কথা তদন্তৰ পাছতহে জনাব পৰা হ’ব বুলি প্ৰকাশ কৰে উদ্যান কৰ্তৃকক্ষই ৷অৱশ্যে সংবাদ মাধ্যমৰ আগত এই কথা নিশ্চিত নকৰিলেও সেইদিনা পৰ্যটকৰ দলটোক কাজিৰঙা দৰ্শন কৰোৱা বনকৰ্মী সকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে বনবিভাগে ৷ আনহাতে সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহে ২৮ ফেব্ৰুৱাৰীত কাজিৰঙাত উপস্থিত হোৱা দলটোৱে পুৱা ৫-১৫ বজাত ত কাজিৰঙাৰ কহঁৰা বনাঞ্চলত হাতী ছাফাৰী কৰি উলাই আহি পুৱাৰ আহাৰ গ্ৰহণ কৰি পুৱা ৭ ৩০ বজাত কাজিৰঙাৰ বাগৰি বনাঞ্চলত এখন জীপচিৰে ছাফাৰী কৰে ৷ কাজিৰঙা ভ্ৰমণ কৰা চাৰি জন পৰ্যটকৰ ভিতৰত Hewitt নামৰ পৰ্যটকজন কৰ’ণাত আক্ৰান্ত পৰ্যটকজন হয়নে নহয় সেই কথা বৰ্তমানেও স্পষ্ট হোৱা নাই ৷ ইফালে, কাজিৰঙাৰ প্ৰতিখন হোটেলতে নজৰ ৰাখিছে চিকিৎসকৰ দুটা দলে ৷ দুজন বিশেষজ্ঞ চিকিৎসকে বোকাখাতত বাহৰপাতি সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ৷ কহঁৰা আদৰ্শ চিকিৎসালয়ত দুটা আইচলেশ্যন ৰূমো সাজু কৰিছে প্ৰশাসনে ৷ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাৰ্থীক মাস্ক পৰিধানৰো আহ্বান জনাইছে প্ৰশাসনে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *