ক’ৰণাৰ আতংক। কাজিৰঙাৰ হাতী মাউতৰ স্বাস্থ্য পৰীক্ষা।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ মাৰ্চ: বিশ্বজুৰি এতিয়া কৰ’নাৰ আতংক। এনে সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা কাজিৰঙালৈ অহা পৰ্যটকক লৈ শংকাৰ সৃষ্টি হৈছে বিশ্ব পৰ্যটন থলি কাজিৰঙাত ৷ কাৰণ কাজিৰঙালৈ আগমন হোৱা কৰ’না আক্ৰান্ত কোনো পৰ্যটকৰ মাধ্যমেৰে কাজিৰঙাত কৰ’না ভাইৰাছৰ সংক্ৰমন হোৱাৰ সম্ভাৱনা অধিক ৷ কৰ’না আক্ৰান্তৰ সন্দেহ হ’লে চিকিৎসকে কাজিৰঙা কঁহৰা মডেল হস্পিতালৰ আইছ’লেচন ৱাৰ্ডত ৰাখি আৰম্ভ কৰিব পৰীক্ষা নিৰিক্ষা । স্বাস্থ্য বিভাগে দেওবাৰে আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বনকৰ্মীৰ স্বাস্থ্য পৰীক্ষা। সততে দেশী বিদেশী পৰ্যটকৰ সংস্পৰ্শত থকা বনকৰ্মী সকলৰ দেহলৈ ক’ৰণা ভাইৰাছ সংক্ৰমণ হোৱাৰ সন্দেহত স্বাস্থ্য আৰম্ভ কৰিছে পৰীক্ষা। উল্লেখ যে, যোৱা ২৮ ফেব্ৰুৱাৰীত কাজিৰঙাত হাতী আৰু জীপ চাফাৰী কৰি যোৱা আমেৰিকাৰ পৰ্যটক Hewitt ৰ দেহত ক’ৰণাৰ উপস্থিতি পোৱাৰ পাছৰে পৰা কাজিৰঙাত আতংকৰ সৃষ্টি হৈছে। কাজিৰঙাত হাতী চাফাৰী কৰাৰ সময়ত কোনো হাতী মাউতৰ দেহত ক’ৰণা সংক্ৰমণ হোৱাৰ আশংকা কৰি দেওবাৰে জিলা স্বাস্থ্য বিভাগে কাজিৰঙাৰ হাতী চাফাৰীত নিয়োজিত ১৬ জন মাউতক স্বাস্থ্য পৰীক্ষা কৰে। আনহাতে, চিকিৎসকে জানিবলৈ দিয়া মতে, স্বাস্থ্য পৰীক্ষা কৰা হাতী মাউত সকলৰ মাজত ক’ৰণা ভাইৰাছত সংক্ৰমণৰ কোনো লক্ষণ দেখা পোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *