বোকাখাত আঞ্চলিক পালনাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ আধাৰশিলা, পালনাম আৰু অষ্ট প্ৰহৰৰ লাইখুটা স্থাপন।

কাজিৰঙা লাইভ, বোকাখাতৰ ,৪ মাৰ্চঃ ১৯৯০ চনতে প্ৰতিষ্ঠা হোৱা বোকাখাত আঞ্চলিক পালনাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয় বানেশ্বৰ মহন্ত স্মৃতি ভৱনৰ আজি আধাৰশিলা স্থাপন কৰে শ্ৰী শ্ৰী মাহৰা সত্ৰৰ সত্ৰাধিকাৰ গৌতম গোস্বামীয়ে ৷ বালিজান নতুন গাঁৱৰ ৰাইজে দানসূত্ৰে প্ৰদান কৰা ডেৰ কঠা ভূমিত নিৰ্মিত হব লগা স্থায়ী কাৰ্যালয়ৰ আধাৰশিলাৰ পূৰ্বে নাম- প্ৰসংগ অনুস্থিত হয় ৷ শতাধিক লোকৰ উপস্থিতিত ডবা, শংখ,আয়তীৰ উৰুলিৰ মাজত আধাৰশিলা স্থাপন কৰি গোস্বামীয়ে কয় যে, ৯০ দশকতে সমাজক সংগঠিত কৰাৰ বাবে পালনাম সমিতি গঠন কৰিছিল সমাজৰ হিত সাধক কেইজনমান ব্যক্তিয়ে ৷ তাৰমাজত আঞ্চলিক পালনাম সমিতিৰ প্ৰথমজন সভাপতি বানেশ্বৰ মহন্তৰ নামত স্থায়ী ভৱন নিৰ্মাণ কৰি সমিতিখনৰ লগতে সমিতিৰ অন্তৰ্ভূক্ত খেলসমুহে বদান্যতাৰ পৰিচয় দিছে ৷ আধাৰশিলা স্থাপন অনুস্থানত আঞ্চলিক পালনাম সমিতিৰ জেষ্ঠ উপদেষ্টা পোনাৰাম বৰা, সভাপতি অজিত ৰাজখোৱা,সম্পাদক ননী নাথ উপস্থিত থাকে ৷ তাৰ পাছতেই সমুহ ৰাইজে ধনশ্ৰীমুখীয়া নামঘৰৰ পৰা শোভাযাত্ৰা কৰি আঞ্চলিক পালনাম সমিতিৰ ধৰ্মধ্বজাভাগ আগন্তুক পালনাম আৰু অষ্টপ্ৰহৰ ভাগৱত হব লগা বগলীটিকা নামঘৰত প্ৰতিষ্ঠা কৰে ৷ বগলীটিকা নামঘৰৰ ভূমিদাতা মহেন্দ্ৰ কোঁচ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত ২০ মাৰ্চ ৰ পৰা ২৬ মাৰ্চলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত হব লগী বগলীটিকা নামঘৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগতে পালনাম আৰু অষ্টপ্ৰহৰ ভাগৱত পাঠৰ লাইখুটা স্থাপন কৰে গৌতম গোস্বামীয়ে ৷