কাজিৰঙাত বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ মাৰ্চ: আজি বিশ্ব বন্যপ্ৰাণী দিৱস ৷ বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে কাজিৰঙাত বনবিভাগ আৰু কৰ্বেট ফাউণ্ডেচনে বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ মাজত আয়োজন কৰে দিনজোৰা কাৰ্য সূচীৰ ৷ পুৱা কহঁৰা বনাঞ্চলৰ কাঠপৰাত প্ৰকৃতিকলৈ চিত্ৰ অংকন কৰে ছাত্ৰছাত্ৰী সকলে৷ উদ্যোক্তা সকলে যোগান ধৰা বিশ্ব বন্যপ্ৰাণী দিৱস সম্বলিত কাৰ্ডত অংকন কৰা চিত্ৰ সমূহ ছাত্ৰছাত্ৰী সকলে মিহিমুখত নিজহাতে অৰ্পন কৰে কাজিৰঙা দৰ্শন কৰিবলৈ অহা পৰ্যটক সকলক ৷ আনহাতে কণকণ ছাত্ৰছাত্ৰীৰ বন্যপ্ৰাণী সংৰক্ষণৰ এই পদক্ষেপক দেশী বিদেশী পৰ্যটক সকলে আদৰণি জনোৱাৰ লগতে প্ৰশংসা কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *