কাজিৰঙাত নিশা বেৰিকেড ভঙা কয়লা ভৰ্ত্তি ট্ৰাক জব্দ ৷

বোকাখাত আৰক্ষীৰ দৰদ কয়লা ভৰ্তি ট্ৰাকলৈ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ মাৰ্চ: ৰাজ্যত অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা। ইয়াৰ সমান্তৰালভাৱে বোকাখাত আৰু কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো অব্যাহত আছে চোৰাং কয়লাৰ সৰবৰাহ ৷ ক্ৰমাৎ চোৰাং সৰবৰাহকাৰী পথলৈ পৰিণত হৈছে বোকাখাত-কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ ৷ কিছুদিনৰ পূৰ্বে বোকাখাত আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী হিচাপে দিব্যজ্যোতি দত্তই দায়িত্বভাৰ লোৱাৰ পাছত বোকাখাতত চোৰাং বেহাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছিল যদিও আজি কিছুদিনৰ পৰা সেয়া ফুটুকাৰ ফেনলৈ পৰিণত হয় । পুৰ্বৰ তুলনাত বৰ্তমান বোকাখাত আৰু কাজিৰঙাৰ ৰাজপথত কয়লা ভৰ্তি ট্ৰাকৰ দৌৰাত্ম্য দিনক দিনে বৃদ্ধি হে পোৱা বুলি এক বৃহৎ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখযোগ্য যে, কালি নিশা প্ৰায় ৮:৩০ বজাত বোকাখাত থানাৰ যান বাহন আৰক্ষীৰ এটা দলে থানাৰ সন্মুখত নিশা নাকা চেকিং কৰি থকাৰ সময়তে পি বি ৪৬ জে ৬৪৭৩ নম্বৰৰ কয়লা ভৰ্ত্তি ট্ৰাকখনে তালাচীৰ কাৰণে ৰাজপথত স্থাপন কৰা বেৰিকেড পৰ্যন্ত মহতিয়াই পলায়ন কৰে আৰু উক্ত ঘটনা সংঘটিত কৰাৰ সময়ত কথমপি প্ৰাণ ৰক্ষা পৰে কৰ্তব্যৰত কেইবাজনো আৰক্ষীৰ ৷ ইয়াৰ পাছতে লগে-লগে বোকাখাত আৰক্ষীয়ে কহঁৰা আৰক্ষী চকীত খবৰ দিয়ে৷ লগে-লগে কহঁৰা আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড স্থাপন কৰি চোৰাং কয়লা ভৰ্ত্তি ট্ৰাকখন আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে আটক কৰে দুজনক ৷ আৰু পৰৱৰ্তী সময়ত বোকাখাত আৰক্ষীক ট্ৰাকখন চমজাই দিয়ে ৷ চোৰাং কয়লা ভৰ্ত্তি ট্ৰাকখনৰ সন্দৰ্ভত আৰক্ষীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, চোৰাং কয়লা ভৰ্ত্তি ট্ৰাকখন তিনিচুকীয়াৰ পৰা আহিছিল আৰু কয়লাখিনি হাতীখুলিলৈ আনিছিল ৷আনহাতে, চালকৰ মতে কয়লা আনিছিল কাছানৰ পৰা হাতীখুলি চাহ বাগিচালৈ অনাৰ কথা প্ৰকাশ কৰে। অৱশ্যে, গন্তব্যস্থান হাতীখুলি বুলি ক’লেও কাজিৰঙাৰ হাতীখুলি হয়নে নহয় সেয়া স্পষ্ট নহয় ৷ আৰক্ষীৰ মতে ট্ৰাকখনে কঢ়িয়াই অনা কয়লা বৈধ নে অবৈধ সেয়া তদন্তৰ পাছতহে ক’ব পৰা যাব ৷ হ’লেও সমগ্ৰ প্ৰক্ৰিয়াটোত আৰক্ষীৰ ভূমিকাত সন্দেহৰ অৱকাশ আছে বুলি মন্তব্য একাংশৰ ৷ লক্ষণীয় যে, বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই স্থানীয় সাংবাদিকক ট্ৰাকৰ দৃশ্য গ্ৰহণ কৰাত বাধা প্ৰদান কৰাৰ লগতে জব্দ কয়লা ভৰ্তি ট্ৰাকখনৰ নথি পত্ৰ সাংবাদিকক দেখুৱাৰ পৰা বিৰত থাকে। আৰক্ষী বিষয়া গৰাকীৰ এনে কাণ্ডই সমগ্ৰ ঘটনাত তীব্ৰ ৰহস্যৰ সৃষ্টি কৰিছে। বিশেষ সূত্ৰে জানিব পৰা উজনি অসমৰ এজন বিজেপি নেতাৰ কয়লা ভৰ্ত্তি ট্ৰাকখনক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে আৰক্ষীয়ে। বোকাখাত আৰক্ষীৰ এনে ভূমিকা গ্ৰহণ কৰাত শীঘ্ৰে এই ক্ষেত্ৰত উচিত তদন্তৰ দাবী জনাইছে দল সংগঠনে ।

Leave a Reply

Your email address will not be published. Required fields are marked *