কাজিৰঙা উৎসৱ ২০২০ ৰ লাইখুটা স্থাপন মন্ত্ৰী অতুল বৰাৰ
বিতৰণ কৰিলে টেক্টৰ, কৃষি সজুলি , তিনি হাজাৰ বিঘা মাটিত বড়ো খেতি
নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ ফেব্ৰুৱাৰী :
চাৰিদিনীয়া বৰ্ণাধ্য কাৰ্য্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত পোন প্ৰথমবাৰৰ বাবে উদযাপন হব কাজিৰঙা উৎসৱ ২০২০ ৷ইতিমধ্যে প্ৰস্তুতি তুংগত কৰি তুলিছে বোকাখাত মহকুমা প্ৰশাসন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ অহা ১২ৰ পৰা ১৫ মাৰ্চলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত হ’ব “কাজিৰঙা উৎসৱ ২০২০” ৷বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, স্থানীয় ৰাইজ ,কৃষি আৰু উদ্যান শস্য বিভাগৰ সহযোগত অনুষ্ঠিত হ’ব এই উৎসৱ ৷ কাজিৰঙা উৎসৱ ২০২০ ৰ লাইখুটা স্থাপন কৰি অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই কয় যে কাজিৰঙাৰ কহঁৰাত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কাজিৰঙা উৎসৱত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰাময়ৰ বিষয়ত বিশেষ প্ৰাধান্য দিয়া হ’ব ৷ লগতে থলুৱা খাদ্যসম্ভাৰ, সাজপাৰ , সংস্কৃতিপ্ৰদৰ্শৰ মাজেৰে পৰ্যটকক আকৰ্ষণ কৰিবৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ’ব কাজিৰঙা উৎসৱত৷ অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে মন্ত্ৰীগৰাকীয়ে ৷ ইফালে চলিত বছৰৰ জানুৱাৰী মাহত অনুষ্ঠিত হবলগীয়া অনুষ্ঠানটো বাতিল হোৱাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে সেই সময়ত সমাজখনত অসূয়াঅপ্ৰীতিৰ সৃষ্টি হৈছিল ৷তীব্ৰ প্ৰতিবাদৰ ফলতেই কাজিৰঙা পৰ্যটনত ক্ষতি হৈছিল বুলি মত ব্যক্ত মন্ত্ৰী বৰাৰ ৷ আগন্তুক নিৰ্বাচনত “২১ আমাৰ” বুলিও মত প্ৰকাশ মন্ত্ৰীগৰাকীৰ ৷ আনহাতে, কাজিৰঙা মৌজাৰ ১ আৰু ২ নং কহঁৰাৰ লগতে শিলডুবি গাৱঁৰ পথাৰত প্ৰায় তিনি হাজাৰ বিঘা মাটিত কৃষি বিভাগৰ সহযোগত বড়ো ধানৰ খেতি আৰম্ভ কৰা হৈছে । আজি বোকাখতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই কাজিৰঙাত উপস্থিত হৈ কৃষকৰ মাজত চাৰিখনকৈ টেক্টৰ, কৃষি সজুলি আদি বিতৰণ কৰি কৃষকক উৎসাহিত কৰে । আজি গোলাঘাট জিলা কৃষি বিষয়া নবীন বৰা , বোকাখাত মহকুমা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, বোকাখতৰ মহকুমাধিপতি বিবেক শ্যাম সমাজকৰ্মী দেৱপ্ৰদীপ বৰা, অনিমেষ শইকীয়া তথা বহু সংখ্যক কৃষক আদিৰ উপস্থিতিত ২ নং কহঁৰা গাঁৱত অনুষ্ঠিত হোৱা এক সভাত বোকাখতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰি বৰ্তমান চৰকাৰে কৃষকৰ কাৰণে লোৱা বিভিন্ন আচঁনিৰ কথা অবগত কৰে । সভাত মন্ত্ৰী অতুল বৰাই ভাষণ প্ৰসংগ কয় চৰকাৰে ৰেহাই মূল্যত যোগান ধৰা টেক্টৰ কিছু কৃষকে আনক বিক্ৰী কৰিছে । এই দুৰ্নীতি কৰা কৃষকৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীয়ে জানিব দিয়ে । অন্যহাতে মন্ত্ৰীজনে ভাষণত আৰু কয় যে কিছু লোকে খেদি কৰিবলৈ এডোখৰ মাটি দেখুৱাই চৰকাৰে যোগান ধৰা বিভিন্ন ধৰণৰ বীজ লৈ আত্মহাত কৰিব বিচাৰে । এনে কৰিলে প্ৰকৃত কৃষক খেতি কৰাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা থাকে । আমাৰ কৃষকক বেংকবোৰে ঝণ দিয়াৰ নামত হাৰাশাস্তি কৰি থকাৰ কথা আজি স্বয়ং কৃষি মন্ত্ৰীয়ে নিজৰ এক অভিজ্ঞতা বৰ্ণনা কৰি প্ৰকাশ কৰে । কৃষি বিভাগটো পূৰ্বৰ দৰে বৰ্তমান ঠিকাদাৰ বিভাগ হৈ থকা নাই । বিগত তিনি বছৰত কৃষি ক্ষেত্ৰত বহু পৰিবৰ্তন হৈছে । কৃষি বিভাগটো এতিয়া এক নিজৰ বিভাগলৈ পৰিণত হৈছে । আমাৰ চৰকাৰে কৃষিকে ধৰি সকলো ক্ষেত্ৰতে উন্নয়ণৰ এক বাতাবৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । যিবোৰ কাম কংগ্ৰেছ চৰকাৰে যুগ যুগান্তৰ ধৰি কৰিব পৰা নাছিল । বাগিছাৰ ৰাইজক কেৱল কংগ্ৰেছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে বুলি মন্ত্ৰী অতুল বৰাই সাংবাদিকক জানিব দিয়ে । ইফালে আজিৰ সভাত কহঁৰা ষ্টেট বেংক শাখাৰ শাখা পৰিচালক উৎপল দত্ত উপস্থিত থাকি কৃষকে বেংকৰ পৰা অতি সহজে কেনেকৈ ঋণ লব পাৰে তাৰ বিষয়ে বক্তব্য দাঙি ধৰে । উল্লেখ্য আজি কৃষকক চাৰিখন টেক্টৰ, খেতি পথাৰত পানী যোগান ধৰা সামগ্ৰী, স্প্ৰে মেচিন, সাৰ আদি সামগ্ৰী বিতৰণ কৰে । উল্লেখ্য ইতিমধ্যে ২১৭ খন টেক্টৰৰ উপৰি এহেজাৰ মৌ বাকচ তথা উন্নত জাতৰ মৌৰ সৈতে বিতৰণ কৰা হৈছে বুলি বিভাগীয় সূত্ৰে প্ৰকাশ । বোকাখাত মহকুমাৰ অধিক এলেকাত প্ৰতি বছৰ বানপানীয়ে কৃষি পথা অনিষ্ট কৰাৰ বাবে এইবাৰ বোকাখাত মহকুমা কৃষি বিভাগে প্ৰায় সাত হাজাৰ বিঘা মাটিত বড়ো ধানৰ খেতি কৰা অৰ্থাৎ উন্নত জাতৰ বীজ বিতৰণ কৰাৰ পৰিকল্পনা কৰি ইতিমধ্যে কাম আৰম্ভ কৰিছে বুলি বোকাখাত মহকুমা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই জানিব দিয়ে । অন্যহাতে আজি কৃষি মন্ত্ৰী অতুল বৰাই আন খেতিয়কৰ লগত একেলগে পথাৰত নামি বড়ো ধানৰ ভূই ৰোপণ আনুষ্ঠানিক ভাৱে আৰম্ভ কৰে । ইফালে কহঁৰা বাৰোৱাৰী দূৰ্গা পূজা মন্ডপ নিৰ্মাণৰ বাবে চৰকাৰে আগবঢ়োৱা পাঁচ লাখ টকাৰ কাম আনুষ্ঠানিক ভাৱে আৰম্ভ কৰে । অন্যহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ- বিদেশৰ পৰ্যটকৰ লগতে স্থানীয় ৰাইজৰ সুবিধাৰ বাবে কহঁৰা চাৰিআলিত পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনত আঠ লাখ টকাৰে গোলাঘাট পশ্চিম উন্নয়ণ খন্ডই নিৰ্মাণ কৰা অনাময় গৃহটো মন্ত্ৰী অতুল বৰাই মুকলি কৰে ।