কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নাইট চফৰ সঞ্চালকৰ পত্নীৰ, বন আইন উলংঘা কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া কাজিৰঙাত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ ফেব্ৰুৱাৰী: কাজিৰঙাত নিশা বন আইন ভংগ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চফৰ সঞ্চালকৰ পত্নীৰ ৷ হাতত চাৰ্জাৰ লাইট লৈ দুষ্প্ৰাপ্য ঢেকীয়াপতীয়া বাঘ খেদি খেদি কাজিৰঙাৰ অন্তভাগত কাজিৰঙাৰ সঞ্চালক পত্নীৰ নাইট চফৰ ৷ যি সময়ত বলিউদৰ তাৰকা অক্ষয় কুমাৰে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণৰ কাৰণে ১ কোটি টকা প্ৰদান কৰিছিল ঠিক তেনে সময়তে কাজিৰঙাৰ সংৰক্ষণৰ গুৰু দায়িত্বত থকা সঞ্চালক পি শিৱ কুমাৰৰ পত্নী সত্যা প্ৰিয়া পি শিৱ কুমাৰে কৰা দুষ্কাৰ্যই কাজিৰঙাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা ম’তে, সঞ্চালকৰ পত্নীয়ে দুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত নাইট চফৰ কৰি দুষ্প্ৰাপ্য ঢেকীয়াপতীয়া বাঘৰ শৰীৰলৈ তীব্ৰ পোহৰ নিক্ষেপ কৰি ফটো-ভিডিঅ’ বনাই নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে চচিয়েল মেডিয়াত প্ৰকাশ কৰি নিজে নিজৰ বন আইন ভেঙুচালি কৰাৰ তথ্য পোহৰলৈ আনিছে । উল্লেখ্য, ২০০৯ চনত অবৈধ ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ বাবেই প্ৰাক্তন বিধায়ক জীতেন গগৈ, কুশল দুৱৰী সহ বহু কেইজনে আইনৰ ৰুষত পৰিছিল ৷ বন আইন অনুসৰি নিশাৰ ভাগত কেৱল বনকৰ্মীৰ বাহিৰে কোনো ব্যক্তি কাজিৰঙাত প্ৰৱেশ কৰিব নোৱাৰে ৷ তেনে ক্ষেত্ৰত এতিয়া সঞ্চালকৰ পত্নী বুলিয়িই সত্যা প্ৰিয়া পি শিৱকুমাৰ নামৰ মহিলা গৰাকী আইনৰ গণ্ডীৰ পৰা সাৰি যাব নেকি সেয়া আজিৰ তাৰিখত এক বৃহৎ প্ৰশ্ন ? এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ লগতে জীপ-চাফাৰী সন্থাৰ সভাপতি/সম্পাদকৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতি, টাই আহোম ছাত্ৰ সন্থাৰ কাজিৰঙা আঞ্চলিকে এনে কাৰ্যৰ গৰিহণা প্ৰদান কৰি উচিত তদন্তৰ দাবী জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *