কাজিৰঙাত ভাৰতীয় বায়ু সেনা বাহিনীৰ চাইকেল ৰেলি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৩ ফেব্ৰুৱাৰী: আকাশ মাৰ্গৰ পৰা দেশ মাতৃৰ সুৰক্ষাৰ বাবে দিনে নিশাই কৰ্তব্য পালন কৰা সেনাৰ চাইকেল ৰেলি কাজিৰঙাত ৷ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডাৰৰ হিৰক জয়ন্তী উদযাপনৰ অংশ হিচাবে চাবুৱাৰ পৰা চাইকেল ৰেলি কৰি শনিবাৰে কাজিৰঙাত উপস্থিত হয় ভাৰতীয় বায়ু সেনা বাহিনীৰ এটা দল ৷ ভাৰতীয় বায়ু সেনা বাহিনীৰ ইষ্টাৰ্ন কামাণ্ডাৰৰ হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি নৱ প্ৰজন্মক বায়ু সেনাত যোগদানৰ বাবে আকৰ্ষিত কৰাৰ বাবে বায়ু সেনাৰ এই প্ৰদক্ষেপ ৷ চাইকেল ৰেলিৰে ৫৫০ কি:মি: পথ অতিক্ৰম কৰাৰ লক্ষ্যৰে চাবুৱাৰ পৰা যাত্ৰা আৰম্ভ কৰা দলটোৱে তেজপুৰৰ পৰা ডিগাৰুহৈ গুৱাহাটীত উপস্থিত হ’ব ৷ শনিবাৰে দলটোৱে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ৷ দেওবাৰে কাজিৰঙাত পতাকা ডাঙি চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *