অহা ১২ৰ পৰা ১৫ মাৰ্চলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত হ’ব “কাজিৰঙা উৎসৱ ২০২০”

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ ফেব্ৰুৱাৰী: অহা ১২ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত অনুষ্ঠিত হব বহু প্ৰত্যাশিত “কাজিৰঙা উৎসৱ -২০২০” ৷ বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, স্থানীয় ৰাইজ ,কৃষি আৰু উদ্যান শস্য বিভাগৰ সহযোগত অনুষ্ঠিত হ’ব এই উৎসৱ ৷কাজিৰঙাৰ কহঁৰাত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কাজিৰঙা উৎসৱত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰাময়ৰ বিষয়ত বিশেষ প্ৰাধান্য দিয়া হ’ব ৷বিশ্ব বিখ্যাত কাজিৰঙাৰ কহঁৰাত অনুষ্ঠিত হবলগীয়া এই উৎসৱত অসম তথা ইয়াৰ চুবুৰীয়া ৰাজ্যসমুহৰ বাৰেৰহণীয়া কলা-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে আত্মসহায়ক গোটৰ মেলা,slow food festival , থলুৱা খাদ্যৰ প্ৰদৰ্শনী ও প্ৰতিযোগিতা, ৱাইল্ডলাইফ ফটোগ্ৰাফীৰ প্ৰদৰ্শনী,কৃষি – উদ্যানশস্য মেলা,থলুৱা খেল-ধেমালীৰ প্ৰতিযোগিতা,বিশিষ্ট প্ৰকৃতিবিদ তথা পক্ষী বিশেষজ্ঞৰ উপস্থিতিত কাজিৰঙাৰ পক্ষীকুল আৰু কাজিৰঙাৰ জৈৱ- বৈচিত্ৰ্যৰ ওপৰত আলোচনাচক্ৰ,বিশিষ্ট পক্ষী নিৰীক্ষকৰ তত্ত্বাৱধানত পক্ষী নিৰীক্ষণ,”কাজিৰঙা উৎসৱ -২০২০” ওপৰত ফটোগ্ৰাফী প্ৰতিযোগিতা, আমন্ত্ৰিত আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান,মুকলি কবিতা পাঠ অনুষ্ঠান,চুটি নাট প্ৰদৰ্শন,চাইকেল টুৰ,কাজিৰঙাৰ দাঁতিকাষৰীয়া দেউপাহাৰ আৰু কাঁকচাং পৰ্যটনস্থলীলৈ ভ্ৰমণ,কাজিৰঙাৰ চুবুৰীয়া গাওঁ আৰু চাহ- বাগিছা সমুহত “ৰvillage walk”,আদিৰ লগতে টুৰ অপাৰেটৰ সকলৰ সন্মিলনো অনুষ্ঠিত হব ৷উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হবলগীয়া কাজিৰঙা উৎসৱ যোৱা ৫,৬,আৰু ৭ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিভিন্ন কাৰণত স্থগিত ৰখা হয় বুলি প্ৰকাশ কৰিছে বোকাখাত মহকুমা প্ৰশাসনে ৷মহকুমা প্ৰশাসনে প্ৰকাশ কৰা মতে চলিত বৰ্ষত কাজিৰঙাত পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ পৰ্যটকৰ আগমন বৃদ্ধি কৰাৰ বাবে কাজিৰঙা মহোৎসৱত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ৷তদুপৰি দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰ্যটকক আকৰ্ষিত কৰাৰ লগতে কাজিৰঙাৰ স্বাভাৱিক শান্ত পৰিস্থিতিৰ সন্দৰ্ভত ধাৰণা দিবলৈ বলিউদৰ সংগীত শিল্পীকো আমন্ত্ৰণ কৰাৰ কথা সদৰি কৰিছে উদ্যোক্তা বোকাখাত মহকুমা প্ৰশাসনে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *