কাজিৰঙাত তিনিদিনীয়া আৱাসিক প্ৰকৃতি শিবিৰ আৰম্ভ 

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ ফেব্ৰুৱাৰী  : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ আজিৰ পৰা বিভিন্ন কাৰ্যসূচীৰে  ১৩ সংখ্যক  তিনিদিনীয়া এক আৱাসিক কৰ্মশালা আৰম্ভ হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ কাষত বন বিভাগৰ আলোচনা কক্ষত আজিৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া আৱাসিক প্ৰকৃতি শিবিৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে । অনাৰি ৱাইল্ড লাইফ ৱাৰডেন্ট উত্তম শইকীয়াই আত ধৰা আজিৰ আৰম্ভণি  অনুষ্ঠানত  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমন্ডল বিষয়া ৰমেশ কুমাৰ গগৈ, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথ,  কলিয়াবৰ প্ৰেছ ক্লাৱৰ সভাপতি নিপেন কেওট, বেচৰকাৰী স্বেচ্ছাসী সংগঠন আৰণ্যকৰ ড. বিভূতি লহকৰ,  কলিয়াবৰৰ ৰাজহ বিষয়া অমৰজ্যোতি নাথ , নিৰ্বাচন বিষয়া ৰিতোপল্লব বৰুৱা,  সহকাৰী বন সংৰক্ষক ৰিতোপবন বৰা , বনাঞ্চলিক বিষয়া পংকজ বৰা, চেলিম আহমেদ, ডা . নবীন পান্ডে আদি উপস্থিত থাকি ছাত্ৰ – ছাত্ৰীক উদ্দেশ্যি বক্তব্য আগবঢ়ায় । জানিব পৰা মতে ২০০৭ চনত প্ৰথমবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ছাত্ৰ- ছাত্ৰীক বন আৰু  বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আৱাসিক প্ৰকৃতি শিবিৰ আৰম্ভ কৰা হৈছিল । বিগত ১২ বছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষৰ উদ্যোগত তথা বেচৰকাৰী স্বেচ্ছাসী সংগঠন আৰণ্যক , বিশ্ব প্ৰকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফ , ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া , ভূমি ,প্ৰকৃতি প্ৰশিক্ষণ কেন্দ্ৰ আদিৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা, বাগৰি, অগৰাতলি, বুঢ়াপাহাৰ, উত্তৰ বনাঞ্চলকে ধৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ কাষত বসবাস কৰা বিভিন্ন বিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ- ছাত্ৰীক লৈ এই প্ৰকৃতি শিবিৰ অনুষ্ঠিত কৰি অহা হৈছে । এইবাৰ অৰ্থাৎ ১৩ সংখ্যক আৱাসিক প্ৰকৃতি শিবিৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া মুঠ ২৯ খন গাঁৱৰ বিভিন্ন বিদ্যালয়ৰ ৩৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে বুলি আয়োজকে জানিব দিয়ে । আজি প্ৰথম দিনা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বন বিষয়া পংকজ বৰাই প্ৰকৃতি শিবিৰত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনোৱাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমন্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কৰিবলগীয়া আৰু কৰিবনলগা কথাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সম্পৰ্কে বক্তব্য আগবঢ়ায় । ইয়াৰ পিছত প্ৰকৃতি প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়া বনশ্ৰী শৰ্মা, আৰণ্যকৰ কৰ্মী ড.বিভূতি লহকৰ, ডাব্লিঅ ডাব্লিঅ এফৰ কৰ্মী ড.অনুপম শৰ্মা আদিয়ে বন আৰু বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে বক্তব্য আগবঢ়ায় । উল্লেখ্য এই আৱাসিক প্ৰকৃতি শিবিৰত এক নিয়ম শৃংখলাৰ মাজত ছাত্ৰ- ছাত্ৰীসকল তিনিদিন থাকি কোঠাৰ ভিতৰত আৰু বাহিৰৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত তথা বিভিন্ন প্ৰাকৃতিক পৰিৱেশত ৰাজ্যখনৰ আগশাৰীৰ কেইবাজনো পৰিবেশ কৰ্মী তথা অভিজ্ঞ লোকৰ সৈতে মত বিনিময় কৰাৰ সুবিধা লাভ কৰিব । আজি আৰম্ভণি অনুষ্ঠানত প্ৰকৃতি শিবিৰত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ- ছাত্ৰীক একোটাকৈ বেগ , কলম, বহি তথা বন্যপ্ৰাণী সম্পৰ্কীয় বিভিন্ন পুস্তিকা প্ৰদান কৰা হয় । উল্লেখ্য এই প্ৰকৃতি শিবিৰত অংশগ্ৰহণ কৰি অভিজ্ঞতা আহৰণ কৰা  বহু ছাত্ৰ – ছাত্ৰীয়ে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণৰ কামত বন বিভাগক সহযোগ আগবঢ়ায় থকাৰ উপৰি নিজৰ প্ৰচেষ্টাত বন আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰা , ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা আদি কাৰ্যসূচী কৰি আছে বুলি বিভাগীয় সূত্ৰে প্ৰকাশ । কাজিৰঙা সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সামান্য সংখ্যক বনকৰ্মী যথেষ্ট নহয় । ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষত বসবাস কৰা লোকৰ লগতে প্ৰধানকৈ উঠি অহা নতুন প্ৰজন্ম এই ক্ষেত্ৰত যেতিয়ালৈকে আগবাঢ়ি নাহিব তেতিয়ালৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণকৈ সুৰক্ষা দিয়াটো অসম্ভৱ । গতিকে এই ধৰণৰ প্ৰকৃতি শিবিৰৰ যোগেদি বিশেষকৈ নতুন প্ৰজন্মৰ মাজত বন আৰু বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বন বিভাগৰ উদ্যোগত এই আৱাসিক  প্ৰকৃতি শিবিৰৰ আয়োজন কৰা হৈছে বুলি সঞ্চালক পি শিৱকুমাৰে জানিব দিয়ে । 

Leave a Reply

Your email address will not be published. Required fields are marked *