পূৰ্ণগতিত চলি আছে পূৰ্ণাংগ ছবি “ৰঘুপতি” ৰ দৃশ্য গ্ৰহণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ফ্ৰেবুৱাৰীঃ অসমীয়া ছবি জগতত নতুন সংযোজন হব এখন পূৰ্ণাংগ ছবিৰ , নাম “ৰঘুপতি”। সৰোজ শৰ্মাই প্ৰযোজনা কৰা তৃষ্ণা মোচন পিকচার্সৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ কাহিনী আৰু সংলাপ জনপ্রিয় অভিনেতা ৰবি শৰ্মাৰ ৷ যুৱ পৰিচালক সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে বোকাখাতৰ হৰিপ্ৰসাদ (বৰঠাকুৰ), অৰুণ হাজৰিকা, ৰবি শৰ্মা, অৰুণ নাথ, ৰীনা বৰা, মাধুৰীমা চৌধুৰী, প্ৰীতিকংগনা, সিদ্ধাৰ্থ শৰ্মা, মনজিৎ শৰ্মা, পৰাণ বৰঠাকুৰকে ধৰি অসমৰ বহু কেইগৰাকী ন-পুৰণি শিল্পীয়ে । গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ লগতে নলবাৰী, গুৱাহাটী, বঙাইগাঁও আদি ঠাইতো এই ছবিখনৰ দৃশ্য গ্রহণ কৰা হৈছে। চিত্ৰগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে । পৰিচালনা প্ৰণয় দত্ত আৰু আৰচুদ মাসুদ ৰহমানে । সাজ-সজ্জাত আছে জুৰি কলিতা ৷ বিগ বাজেটৰ ছবিখন ২০২০ৰ ভিতৰত মুক্তি পাব।

Leave a Reply

Your email address will not be published. Required fields are marked *