“কমাৰগাঁও মহাবিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিঙৰ অনুষ্ঠান“

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৮ ফেব্ৰুৱাৰী : আজি ১৮ ফেব্ৰুৱাৰী তাৰিখে কমাৰগাঁও মহাবিদ্যালয়ৰ কেৰিয়াৰ পৰামৰ্শ আৰু তত্ববধায়ক কোষৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰিণ মান নিশ্চিতকৰণ কোষ (IQAC ) ৰ সহযোগত স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰী সকলৰ কেৰিয়াৰ তথা ভৱিষ্যতৰ জীৱিকা আৰ্জনৰ উপায় শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হয় ৷ অসমৰ প্ৰতিস্হিত “কেৰিয়াৰ পৰামৰ্শদাতা“ তথা তেজপুৰ স্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে সমল ব্যক্তি হিচাবে উপস্হিত থাকে ৷ কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজুলী বৰচেতিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেৰিয়াৰ সজাগতা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ আই,কিউ,এ,চি, চেলৰ অন্যতম সদস্য তথা ক্ষেত্ৰ পৰীক্ষণ কেন্দ্ৰৰ মহকুমা কৃষি বিষয়া অলকানন্দ কাকতিয়েও অংশ গ্ৰহণ কৰে ৷ অনুষ্ঠানত আই,কিউ,এ,চি, চেলৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক অঞ্জন শইকীয়াই ড° বুলজিৎ বুঢ়াগোহাঁইৰ ব্যক্তিগত পৰিচয় আৰু কাৰ্যাৱলীৰ বিষয়ে এটা প্ৰতিবেদন আগ বঢ়ায় ৷ সহকাৰী অধ্যাপক নিতুল কুমাৰ বৰাই অনুষ্ঠানৰ আৰম্ভনী কৰে ৷ আজিৰ অনুষ্ঠানত কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে ছাত্ৰ ছাত্ৰীসকলে কিদৰে কৰ্মসংস্হান লাভৰ বাবে আগবাঢ়িব লাগিব, এ,পি,এচ,ছি,; ইউ,পি,এচ,ছি, ;ষ্টাফ চিলেকচন আদিৰ পৰীক্ষা দিব, ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা কি ইত্যাদিৰ ওপৰত আলোকপাত কৰে ৷ কেৰিয়াৰ গুৰুজনে চৰকাৰী, বেচৰকাৰী খণ্ড তথা স্বনিয়োজনৰ বিভিন্ন উপায়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিয়ে ৷ ড° বুলজিৎ বুঢ়াগোহাঁয়ে লগতে জনায় যে প্ৰতি শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত ফোনযোগেও কেৰিয়াৰ পৰামৰ্শ লব পাৰিব ৷ এগৰাকী ছাত্ৰীৰ কৃষিৰ প্ৰতি আগ্ৰহ আৰু সেইসম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়ে মহকুমা কৃষি বিষয়া অলকানন্দ কাকতিয়ে ৷ অনুষ্ঠানটোত কেৰিয়াৰ কাউন্সেলিঙ কোষৰ সমন্বয়ক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰবীন হাজৰিকাই সক্ৰিয় সহযোগ আৰু অংশগ্ৰহণ কৰে ৷ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষক তথা মহাবিদ্যালয়ৰ গ্ৰন্হাগাৰিক আৰু কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে ৷ শলাগৰ শৰাই আগবঢ়ায় ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° গায়ত্ৰী বৰাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *